‘সাংবিধানিক সংশোধনী বিধেয়ক’ক লৈ অমিত শ্বাহৰ মন্তব্য
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত কাৰাগাৰলৈ যোৱাৰ পিছত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰীসকলক পদৰ পৰা অপসাৰণ কৰা বিধেয়কখন গৃহীত হোৱাৰ পিছতে সৃষ্টি হৈছে হুলস্থুল।
বিৰোধীয়ে ইয়াক ক’লা আইন বুলি অভিহিত কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ত বহু কথা স্পষ্ট কৰি দিছে।তেওঁ বিৰোধীৰ কথা উল্লেখ কৰি কয় যে জেলত বহি থকা ব্যক্তিয়ে দেশ চলাব নোৱাৰে।
অমিত শ্বাহে গুৰুতৰ অপৰাধমূলক অভিযোগৰ সন্মুখীন হোৱা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক অপসাৰণ কৰিবলৈ ১৩০ সংখ্যক সংশোধনী বিধেয়ক সন্দৰ্ভত কয় যে, “সংসদলৈ নিৰ্বাচিত হোৱা চৰকাৰে যদি কোনো বিধেয়ক বা সাংবিধানিক সংশোধনী আনে, তেন্তে সদনৰ সন্মুখত ৰখাত কি আপত্তি থাকিব পাৰে”?
” যিহেতু মই স্পষ্ট কৰি দিছিলোঁ যে আমি দুয়োটা সদনৰ যৌথ সমিতিৰ হাতত গতাই দিম।দ্বিতীয়তে, এই সন্দৰ্ভত কেতিয়া ভোটিং হ’ব, তেতিয়া আপুনি নিজৰ মতামত প্ৰকাশ কৰিব পাৰে”।
“এয়া সাংবিধানিক সংশোধনী, দুয়োটা সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। আমাৰ হাতত থাকিলেও (দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা) হওক বা নাথাকিলেও সেই সময়ত প্ৰমাণিত হ’ব।”
গৃহমন্ত্ৰী অমিত শ্বাহে কয়,”গণতন্ত্ৰত কোনো চৰকাৰী বিধেয়ক বা সাংবিধানিক সংশোধনী সদনত উত্থাপন কৰিবলৈ নিদিয়া আৰু এনে আচৰণ কৰাটো সঠিক নেকি?
“দেশৰ সংসদৰ দুয়োটা সদন বিতৰ্কৰ বাবে নে হুলস্থুল আৰু বিশৃংখলতাৰ বাবে? আমিও বহু বিষয়ত প্ৰতিবাদ কৰিছো, কিন্তু বিধেয়কখন উত্থাপন হ’বলৈ নিদিয়াৰ মানসিকতা গণতান্ত্ৰিক বুলি মই নাভাবো।বিৰোধীয়ে জনসাধাৰণৰ আগত উত্তৰ দিব লাগিব।”