কূটনৈতিক যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ পুনৰ এবাৰ প্ৰস্তাৱিত হৈছে।৫ দিনত ৩ খন দেশ ভ্ৰমণ কৰিব মোদীয়ে। প্ৰথমবাৰলৈ চাইপ্ৰাছলৈ যাব প্ৰধানমন্ত্ৰী গৰাকী।
তাত দুদিন (১৫-১৬ জুন) বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।ইয়াৰ পিছত তেওঁ কানাডাত উপস্থিত হৈ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিব। ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰি ১৯ জুনত ভাৰতলৈ উভতি আহিব প্ৰধানমন্ত্ৰী গৰাকী।
তথ্য অনুসৰি অহা ১৫ জুনৰ পৰা ১৯ জুনলৈ বিদেশ ভ্ৰমণলৈ যাব লগীয়া প্ৰধানমন্ত্ৰী মোডীয়ে ৰিপাব্লিক অৱ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব।
এই ভ্ৰমণৰ লক্ষ্য হৈছে তিনিওখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু ইউৰোপীয় সংঘ আৰু বিশ্ব মঞ্চত ভাৰতৰ ভূমিকা আৰু অধিক বৃদ্ধি কৰিবলৈ ইয়াক দেশক অধিক সক্ৰিয় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৫-১৬ জুনত চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব।যোৱা দুটা দশকৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চাইপ্ৰাছ ভ্ৰমণৰ এইটোৱেই হ’ব প্ৰথম।
দ্বিতীয় পৰ্যায়ৰ এই ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডাত উপস্থিত হ’ব।কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৬-১৭ জুনত কানানাস্কিছত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।একেৰাহে ষষ্ঠবাৰৰ বাবে জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
লগতে পঢ়ক: ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে চৰকাৰৰ নিৰ্দেশ; মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ