পশ্চিম বংগৰ ভাংগাৰ অঞ্চলত সংঘটিত হৈছে হিংসাত্মক ঘটনা । আই এছ এফ (ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্ট)ৰ সমৰ্থকসকলক কলকাতা অভিমুখে পদযাত্ৰা কৰাত বাধা দিয়াৰ লগে লগে পৰিস্থিতি উত্তেজিত হৈ পৰে । আৰক্ষীয়ে পথ অৱৰোধ কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকল হিংসাত্মক হৈ পৰে, তাৰ পিছতে আৰক্ষী আৰু সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বল প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলগীয়া হয় । ঘটনাত এখন বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দুচকীয়া বাহনত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে ।
বংগত ৱাকফ আইনৰ বিৰুদ্ধে হিংসা-
তথ্য অনুসৰি ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কলকাতালৈ অহা ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্টৰ সমৰ্থকৰে ভৰা বাছসমূহ বাটত ৰখাই দিয়া হয় । মালদা, মুৰ্ছিদাবাদকে ধৰি পশ্চিমবংগৰ বহু জিলাত ৱাকফ আইনৰ বিৰুদ্ধে ব্যাপক হিংসাত্মক ঘটনা দেখা গৈছে, শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিয়ে হিংসাৰ উচটনি দিয়াৰ বাবে উভয়ে দোষাৰোপ কৰিছে ।
কলকাতাৰ দিশে আগবাঢ়িছিল প্ৰতিবাদকাৰীসকল-
তৃণমূল আৰু বিজেপিৰ বাহিৰেও আই এছ এফ ৰাজ্যখনৰ বিধানসভাত প্ৰতিনিধিত্ব থকা একমাত্ৰ দল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভাংগাৰৰ পৰা অহা তেওঁলোকৰ বাহনসমূহ আৰক্ষীয়ে কলকাতাৰ ৰামলীলা ময়দান অভিমুখে যোৱাত বাধা দিয়াৰ পিছতে আই এছ এফৰ কৰ্মীসকলে বসন্তী এক্সপ্ৰেছৱে অৱৰোধ কৰে ।
মুৰ্ছিদাবাদৰ হিংসা সন্দৰ্ভত টি এম চিৰ অভিযোগ-
মুৰ্ছিদাবাদত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তৃণমূল কংগ্ৰেছে এটা ডাঙৰ অভিযোগ উত্থাপন কৰি কয় যে একাংশ বি এছ এফৰ জোৱানে এনে লোকক বংগত প্ৰৱেশ কৰিবলৈ অনুমতি দিছে, যিসকলে হিংসা বিয়পাই উভতি আহিছে । বিজেপি নেতা দিলীপ ঘোষেও একেই কথা কৈছে । টি এম চিয়ে এই প্ৰশ্ন উত্থাপন কৰিছে যে যদি দিলীপ ঘোষ বি এছ এফৰ এই ভূমিকা সম্পৰ্কে অৱগত, তেন্তে গৃহ মন্ত্ৰণালয় আৰু প্ৰধানমন্ত্ৰী এই বিষয়ে কেনেকৈ অজ্ঞাত হ’ব পাৰে ?