কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছামা মহম্মদে ক্ৰিকেটাৰ ৰোহিত শৰ্মাক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই । কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে ক্ৰিকেটাৰ তথা ভাৰতীয় এদিনীয়া আৰু টেষ্ট দলৰ অধিনায়ক ৰোহিত শৰ্মাক ‘পেটুৱা’ বুলি অভিহিত কৰিছিল আৰু তেনেকৈয়ে তেওঁৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । স্বাস্থ্য সন্দৰ্ভত তেওঁ কয় যে খেলুৱৈ হিচাপে তেওঁ মেদবহুল হৈ পৰিছে আৰু অধিনায়ক হিচাপে তেওঁ ‘যথেষ্ট অকাৰ্যকৰী’ আছে ।
ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই টুইটাৰত লিখিছে, “কংগ্ৰেছ আৰু টি এম চিয়ে খেলুৱৈসকলক অকলে এৰি দিব লাগে, কিয়নো তেওঁলোক নিজৰ পেছাদাৰী জীৱন চম্ভালিবলৈ সম্পূৰ্ণৰূপে সক্ষম ।” তেওঁ আৰু কয়, “এই দলসমূহৰ নেতাসকলে শৰীৰক লজ্জিত কৰা আৰু দলৰ এজন খেলুৱৈক প্ৰশ্ন কৰা মন্তব্যসমূহ কেৱল অত্যন্ত লজ্জাজনকেই নহয়, সম্পূৰ্ণ দোষনীয়ও ।”
ছামাৰ বক্তব্যক গৰিহণা বিজেপিৰ!
কংগ্ৰেছে বিশ্বকাপ বিজয়ী এজনক অপমান কৰা বুলি অভিযোগ কৰি ছামা মহম্মদৰ এই বক্তব্যক গৰিহণা দিয়ে বিজেপিয়ে । প্ৰাক্তন কংগ্ৰেছ নেত্ৰী তথা বৰ্তমান বিজেপি নেত্ৰী ৰাধিকা খেৰাই কংগ্ৰেছে দশক দশক ধৰি ক্ৰীড়াবিদক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে ।
ছামাৰ বক্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখিছে কংগ্ৰেছে !
কংগ্ৰেছে ছামা মহম্মদৰ বক্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখি এয়া তেওঁৰ ব্যক্তিগত মতামত বুলি অভিহিত কৰিছে । দলৰ নেতা পৱন খেৰাই স্পষ্ট কৰি দিয়ে যে তেওঁৰ দলে সদায় খেলুৱৈৰ অৱদানক সৰ্বোচ্চ সন্মান দিয়ে । অৱশ্যে টি এম চিৰ নেতা সৌগত ৰায়েও ছামা মহম্মদৰ এই বক্তব্যক সমৰ্থন কৰি ৰোহিত শৰ্মাক অধিনায়ক পদৰ পৰা অপসাৰণৰ দাবী জনায় ।
ছামাই ডিলিট কৰিলে পোষ্ট-
বি চি চি আইৰ উপাধ্যক্ষ তথা কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই এই বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ ৰোহিত শৰ্মাক ফিট আৰু দক্ষ বুলি অভিহিত কৰি খেললৈ তেওঁৰ অৱদানৰ প্ৰশংসা কৰে । ছামা মহম্মদে ছ’চিয়েল মিডিয়া পোষ্টত কয়, “এজন খেলুৱৈৰ বাবে ৰোহিত শৰ্মা শকত ! তেওঁৰ ওজন কমাব লাগিব ! আৰু নিশ্চিতভাৱে আটাইতকৈ অকাৰ্যকৰী অধিনায়ক !” এই পোষ্টটো ভাইৰেল হোৱাৰ পিছত কংগ্ৰেছে তেওঁক ইয়াক আঁতৰাবলৈ অনুৰোধ জনায়, যাৰ বাবে ছামাই তেওঁৰ পোষ্টটো ডিলিট কৰে ।