নেশ্যনেল হেৰাল্ডৰ ধন সৰবৰাহৰ গোচৰত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু কংগ্ৰেছ অভাৰচিজৰ মুৰব্বী ছেম পিট্ৰ’ডাৰ বিৰুদ্ধে দিল্লীৰ ৰৌজ এভিনিউ আদালতত বলবৎকাৰী সঞ্চালকালয়ে চাৰ্জশ্বীট দাখিল কৰিছে । এই ক্ষেত্ৰত বলবৎকাৰী সঞ্চালকালয়ে অভিযোগনামাত সুমন ডুবে আদিৰ নামো সন্নিবিষ্ট কৰিছে । অভিযোগনামাৰ শুনানি ২৫ এপ্ৰিলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । এই গোচৰত ই ডিয়ে ইতিমধ্যে ৬৪ কোটিতকৈ অধিক মূল্যৰ সম্পত্তি জব্দ কৰিছে ।
ৰাহুল-ছোনিয়া আদিৰ বিৰুদ্ধে অভিযোগনামা দাখিল ই ডিৰ-
পি এম এল এৰ ৪৪ আৰু ৪৫ নং ধাৰাত ৰাহুল, ছোনিয়া গান্ধী আদিৰ বিৰুদ্ধে ই ডিয়ে অভিযোগনামা দাখিল কৰি অভিযুক্ত ব্যক্তিসকলে ৩ নং ধাৰাত ধন সৰবৰাহৰ অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
ই ডিক পৰৱৰ্তী শুনানিৰ পূৰ্বে অভিযোগ আৰু আনুষংগিক নথি-পত্ৰৰ পৰিষ্কাৰ কপি আৰু অ’ চি আৰ (পঠনযোগ্য) কপি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
বৰ্তমান এই গোচৰটো দিল্লীৰ ৰৌজ এভিনিউ ক’ৰ্টৰ এ চি জে এম-০৩ আদালতত বিচাৰ চলি আছে । এই আদালতত গোচৰৰ শুনানি চলি আছে কাৰণ যেতিয়া কোনো গোচৰ ধন সৰবৰাহ আৰু অপৰাধৰ সৈতে জড়িত, তেতিয়া দুয়োটা গোচৰৰ শুনানি একেখন আদালততে হ’ব লাগে । যিহেতু প্ৰস্তাৱিত অভিযুক্তসকল ৰাজ্যসভা আৰু লোকসভাৰ বৰ্তমানৰ সাংসদ, সেয়েহে গোচৰটো এই আদালতত অৰ্পণ কৰা হৈছে ।
এতিয়া গোচৰৰ শুনানি ২৫ এপ্ৰিলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । এই দিনটোত চৰকাৰী অধিবক্তা আৰু তদন্তকাৰী বিষয়াই গোচৰৰ ডায়েৰী লৈ আদালতত হাজিৰ হ’ব লাগিব ।
চাৰ্জ শ্বীটৰ ওপৰত কোনে কি কয় ?
ৰৌজ এভিনিউ আদালতত দাখিল কৰা অভিযোগনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু আন একাংশৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাটো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰতিশোধ আৰু ভয়-ভাবুকিৰ ৰাজনীতিৰ উদাহৰণ, যিটো এতিয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণহীন হৈ পৰিছে ।
কি এই নেচনেল হেৰাল্ডৰ ধন সৰবৰাহৰ গোচৰ ?
নেশ্যনেল হেৰাল্ডৰ ধন সৰবৰাহৰ গোচৰটো ইণ্ডিয়ান লিমিটেড, এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড (এ জে এল) আৰু নেশ্যনেল হেৰাল্ড কাকতৰ মাজত হোৱা লেনদেনৰ সৈতে জড়িত । অভিযোগ অনুসৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে দলৰ ধনৰ অপব্যৱহাৰ কৰি এ জে এলৰ সম্পত্তি তেওঁলোকৰ ব্যক্তিগত নিয়ন্ত্ৰিত কোম্পানী ‘ইয়ং ইণ্ডিয়ান’লৈ হস্তান্তৰ কৰিছিল ।
ই ডিৰ অভিযোগ যে পাৰ্টিৰ ধন ব্যক্তিগত লাভৰ বাবে অবৈধভাৱে ব্যৱহাৰ কৰা হৈছিল । তদন্তত দেখা গৈছে যে ইয়ং ইণ্ডিয়ানত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ৭৬ শতাংশ অংশীদাৰিত্ব আছে ।
২০২১ চনত ই ডিয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল যদিও ২০১৪ চনত বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমণ্য স্বামীয়ে দাখিল কৰা অপৰাধমূলক অভিযোগত ইয়াৰ ভেটি স্থাপন কৰিছিল । এ জে এলৰ প্ৰায় ২০০০ কোটি টকাৰ সম্পত্তি ইয়ং ইণ্ডিয়ান লিমিটেডৰ জৰিয়তে মাত্ৰ ৫০ লাখ টকাৰ ধনেৰে নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল ।
১৯৩৮ চনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু স্বাধীনতা সংগ্ৰামীসকলে নেচনেল হেৰাল্ড কাকত প্ৰতিষ্ঠা কৰিছিল । স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ চৰকাৰৰ অত্যাচাৰী নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ এই কাকতখন আছিল এক ডাঙৰ মঞ্চ । নেচনেল হেৰাল্ডৰ মূল উদ্দেশ্য আছিল দেশত সজাগতা বিয়পাই দিয়া আৰু স্বাধীনতা আন্দোলনক সমৰ্থন কৰা ।