হামাস নেতা য়াহিয়্যা সিনৱাৰ ইতিমধ্যে নিহত হৈছে। সিনৱাৰৰ মৃত্যুৰ পিছতে ইজৰাইলে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। যিটো ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ আগতে কৰা হৈছিল। হামাসৰ এই আক্ৰমণৰ পিছতে ইজৰাইলৰ সৈতে যুদ্ধ আৰম্ভ হৈছিল, যি এতিয়ালৈকে অব্যাহত আছে। সিনৱাৰ যোৱা বছৰৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল যিয়ে ১২০০ৰো অধিক ইজৰাইলী নাগৰিকক হত্যা কৰিছিল ।৬ অক্টোবৰৰ ভিডিঅ’টোত, সিনৱাৰক তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে এটা ভূগৰ্ভস্থ সুৰংগত খোজ কাঢ়ি থকা দেখা গৈছে। ভিডিঅ’টোত, তেওঁক বাংকাৰৰ ভিতৰত এটা মোনা কঢ়িয়াই নিয়া দেখা গৈছে, যিটো পিছত ইজৰাইলী সেনাই বিচাৰি পাইছিল।ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কৈছিল যে সুৰংগটো খান য়ুনিছত ছিনৱাৰৰ ঘৰৰ তলত অৱস্থিত আছিল।ইজৰাইলী সেনাই এই ভিডিঅ’টো মুকলি কৰি সম্ভৱতঃ দেখুৱাব বিচাৰিছে যে ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত য়াহায়্যা ছিনৱাৰ আত্মগোপন কৰি আছিল।কিন্তু ইফালে, হামাছে ইজৰাইলী সেনাৰ মুখপাত্ৰৰ মন্তব্যক “মিছা” বুলি অভিহিত কৰে আৰু কয় যে ছিনৱাৰ যুদ্ধত বীৰত্বপূৰ্ণভাৱে নিহত হৈছিল।