দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেওবাৰে (২৯ ডিচেম্বৰ, ২০২৪) সংঘটিত হয় এক বৃহৎ বিমান দুৰ্ঘটনা, য’ত ১৭৯ জন লোকৰ মৃত্যু হয় । উদ্ধাৰ কৰ্মীয়ে দুৰ্ঘটনাস্থলীৰ পৰা দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে । বিগত ২৪ ঘণ্টাত বিশ্বত বিমান সম্পৰ্কীয় তিনিটা ঘটনা সংঘটিত হৈছে, য’ত বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল ।
দক্ষিণ কোৰিয়াৰ বিমান দুৰ্ঘটনা-
সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, পুৱা ৯:০৭ বজাত জেজু এয়াৰৰ বিমানখনে অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পিছলি গৈ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দেৱালত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । বেংককৰ পৰা উভতি অহা বিমানখনত মুঠ ১৮১ জন লোক আছিল, য’ত আছিল ৬ জন ক্ৰু মেম্বাৰ । এই বিমানখনৰ দুজন যাত্ৰী থাইলেণ্ডৰ আৰু বাকীসকল দক্ষিণ কোৰিয়াৰ । বিষয়াসকলে সন্দেহ কৰিছে যে লেণ্ডিং গিয়াৰৰ বিজুতি চৰাইৰ আঘাতৰ ফলত হ’ব পাৰে, যাৰ বাবেই হয়তো দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে । এই সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰিছে ।
কানাডাত জৰুৰীকালীন অৱতৰণ কৰে বিমানে-
ইয়াৰ পূৰ্বে শনিবাৰে নিশা এয়াৰ কানাডাৰ এখন বিমানে হেলিফেক্স বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল । শনিবাৰে নিশা দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে PAL এয়াৰলাইন্সৰ বিমান AC2259 । প্ৰতিবেদন অনুসৰি বিমানখনত থকা আটাইকেইজন যাত্ৰীক নিৰাপদে উলিয়াই অনা হয় । এখন বিমানত কাৰিকৰী বিজুতি সংঘটিত হয় আৰু জৰুৰীকালীন অৱতৰণৰ পিছত বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় । অৱতৰণত সামান্য পলমত বৃহৎ দুৰ্ঘটনাৰ আশংকা আছিল ।
নৰৱেৰ ৰাণৱেৰ পৰা পিছলিল বিমান-
শনিবাৰে গভীৰ নিশা নৰৱেৰ অছলো টৰ্প চেণ্ডফজৰ্ড বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ সময়ত কে এল এম ৰয়েল ডাচ এয়াৰলাইন্সৰ এখন বিমান পিছলি পৰে । অছলো বিমানবন্দৰৰ পৰা আমষ্টাৰডামলৈ যোৱা বয়িং ৭৩৭-৮০০ বিমানখনৰ হাইড্ৰজেন ব্যৱস্থাত বিজুতি ঘটিছিল । ইয়াৰ পিছত অস্লোৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণে থকা চেণ্ডেফজৰ্ড বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় । নিৰাপদ অৱতৰণৰ পিছতো বিমানখন ৰাণৱেৰ পৰা পিছলি গৈ ওচৰৰ ঘাঁহনি অঞ্চলত ৰৈ যায় । এই বিমানখনত মুঠ ১৮২ জন লোক আছিল ।
উল্লেখ্য যে, ২৫ ডিচেম্বৰতো কাজাখাস্তানত আজাৰবেইজান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৩৬ জন লোক নিহত হয় ।