বৰ্তমান সময়ত কৰ্কট ৰোগ এক মাৰাত্মক ৰোগ হিচাপে চিনাক্ত হৈছে। হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ ধৰা পেলাবলৈ হীৰা আঙুলিৰ পৰীক্ষা এটা সহজ আৰু ফলপ্ৰসূ উপায়। যদি আপুনি হাওঁফাওঁৰ সৈতে জড়িত কোনো সমস্যা অনুভৱ কৰে, তেন্তে নিশ্চিতভাৱে এই পৰীক্ষাটো কৰক।
হাওঁফাওঁৰ কৰ্কট ৰোগ বিশ্বৰ অন্যতম সাধাৰণ কৰ্কট ৰোগ। ২০২০ চনত হাওঁফাওঁৰ কৰ্কট ৰোগ বিশ্বজুৰি দ্বিতীয় সৰ্বাধিক কৰ্কট ৰোগ আছিল আৰু ২,২০৬,৭৭১ জন নতুনকৈ আক্ৰান্ত হৈছিল। কেৱল এয়াই নহয়, ই ১,৭৯৬,১৪৪ জন লোকৰ মৃত্যুৰে কৰ্কট ৰোগজনিত মৃত্যুৰ প্ৰধান কাৰণ আছিল। এই কৰ্কট ৰোগত মৃত্যুৰ এটা প্ৰধান কাৰণ হ’ল ইয়াৰ ৰোগ নিৰ্ণয়ত পলম হোৱা, যাৰ বাবে সময়মতে চিকিৎসা আৰম্ভ কৰিব নোৱাৰি। এনে পৰিস্থিতিত বিপদত পৰিছে নে নাই জানিবলৈ হীৰা আঙুলিৰ পৰীক্ষা কৰিব পাৰে। এই পৰীক্ষা কেৱল সহজেই নহয়, ঘৰতে কৰিব পাৰিব এই পদ্ধতি।
ডাইমণ্ড ফিংগাৰ টেষ্ট কি?
এই পৰীক্ষাত বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিক একেলগে আনিব লাগে। যদি ইহঁতৰ মাজত কোনো ঠাই নাথাকে তেন্তে ই ফিংগাৰ ক্লাবিঙৰ লক্ষণ, যিয়ে হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনাৰ ইংগিত দিয়ে। কেন্সাৰ ৰিচাৰ্চ ইউ কেৰ তথ্য অনুসৰি এই অৱস্থা ৩৫%তকৈ অধিক লোকৰ ক্ষেত্ৰত দেখা যায় যিবোৰ অক্ষুদ্ৰ কোষীয় হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত। ক্লাবিং হাওঁফাওঁ, হৃদযন্ত্ৰ বা পাচনতন্ত্ৰত সমস্যাৰ লক্ষণ হ’ব পাৰে।
এই ক্ষণসমূহৰ সৈতে হাওঁফাওঁৰ কৰ্কট ৰোগ চিনাক্ত কৰক
হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণসমূহ হ’ল- ৩ সপ্তাহতকৈ অধিক সময় ধৰি থকা কাহ, বুকুৰ সংক্ৰমণ, তেজ কাহ, উশাহ লোৱাত কষ্ট আৰু ভোক নলগা। ইয়াৰ উপৰিও মুখ আৰু ডিঙিত ফুলা, হুমুনিয়াহ আৰু গিলিবলৈ অসুবিধা হোৱা আদিও ইয়াৰ লক্ষণ হ’ব পাৰে।
( এই প্ৰতিবেদন আপোনাক সজাগ কৰাৰ উদ্দেশ্যৰে দিয়া হৈছে। আপেনাৰ স্বাস্থ্য সম্বন্ধীয় যিকোনো সমস্যাৰ বাবে চিকিৎসৰ পৰামৰ্শ লওক)