আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে সংবিধান দিৱস । প্ৰধানমন্ত্ৰী মোদীয়ে এই দিৱস উপলক্ষে ভাৰতৰ সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট কৰিছে । পোষ্টত তেওঁ লিখিছে, ‘ভাৰতীয় সংবিধানৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনাইছো ।’ উল্লেখ্য যে ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান গৃহীত হৈছিল । এই বছৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে ।
सभी देशवासियों को भारतीय संविधान की 75वीं वर्षगांठ के पावन अवसर पर संविधान दिवस की बहुत-बहुत शुभकामनाएं।#75YearsOfConstitution pic.twitter.com/pa5MVHO6Cu
— Narendra Modi (@narendramodi) November 26, 2024
উচ্চতম ন্যায়ালয়তো অনুষ্ঠিত হ’ব কাৰ্যসূচী-
সংবিধান দিৱস উপলক্ষে বৰ্তমান সংবিধান সদন বুলি কোৱা পুৰণি সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত মূল অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় মন্ত্ৰী, সংসদৰ সদস্যকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব । ভাৰতৰ সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ধিয়া প্ৰায় ৫ বজাত উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনিক ভৱন কমপ্লেক্সৰ প্ৰেক্ষাগৃহত সংবিধান দিৱস উদযাপনত অংশগ্ৰহণ কৰিব । তেওঁ ভাৰতীয় ন্যায়পালিকাৰ বাৰ্ষিক প্ৰতিবেদন (২০২৩-২৪) প্ৰকাশ কৰিব । এই উপলক্ষে তেওঁ উপস্থিত থকা সমাৱেশতো ভাষণ দিব । উচচতম ন্যায়ালয়ৰ উদ্যোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশৰ লগতে উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলো উপস্থিত থাকিব ।
অমিত শ্বাহেও জনালে অভিনন্দন-
সংবিধান দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাইজক শুভেচ্ছা জনাইছে । তেওঁ কয় যে ভাৰতৰ দৰে বিশাল দেশত গণতন্ত্ৰৰ শক্তি হৈছে ইয়াৰ সংবিধান, যিয়ে জাতীয় ঐক্য আৰু অখণ্ডতাৰ মন্ত্ৰ প্ৰদান কৰে । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সংবিধান সভাৰ দ্বাৰা গৃহীত হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই সংবিধান বলবৎ হয় । সংবিধান দিৱসত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্বাহে কয় যে আজি ভাৰতে পূৰ্ণ উৎসাহেৰে সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে ।
‘संविधान दिवस’ की हार्दिक शुभकामनाएँ।
— Amit Shah (@AmitShah) November 26, 2024
आज भारत पूरे उत्साह से संविधान की 75वीं वर्षगाँठ मना रहा है।
बाबासाहेब भीमराव अंबेडकर जी सहित संविधान के सभी शिल्पियों के योगदान को चिरस्मरणीय बनाने के लिए मोदी जी ने ‘संविधान दिवस’ मनाने की शुरुआत की।
भारत जैसे विशाल देश के लोकतंत्र की… pic.twitter.com/9ylREo20vG
তেওঁ ‘এক্স’ত লিখিছে, “বাবাছাহেব ভীমৰাও আম্বেদকাৰ জীকে ধৰি সংবিধানৰ সকলো শিল্পীৰ অৱদানৰ স্মৃতিত, (প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ) মোদী জীয়ে ‘সংবিধান দিৱস’ উদযাপন কৰিবলৈ আৰম্ভ কৰে । ভাৰতৰ দৰে বিশাল দেশৰ গণতন্ত্ৰৰ শক্তি হৈছে আমাৰ সংবিধান, যিয়ে প্ৰতিজন ব্যক্তিৰ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰি জাতীয় ঐক্য আৰু অখণ্ডতাৰ মন্ত্ৰ প্ৰদান কৰে । আমি বিশ্বাস কৰোঁ যে সংবিধান কেৱল মঞ্চত দেখুৱাবলগীয়া কিতাপ নহয়, ইয়াক সম্পূৰ্ণ ভক্তিৰে আত্মসাৎ কৰি জনজীৱনত আমাৰ সৰ্বোচ্চ অৱদান আগবঢ়োৱাৰ চাবিকাঠি । আহক ! এই সংবিধান দিৱসত শক্তিশালী, সমৃদ্ধিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি লওক ।”