উদ্যোগপতি ৰতন টাটাৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ । তেওঁৰ মৃত্যুয়ে এক শূন্যতাৰ সৃষ্টি কৰিছে ।

ৰতন টাটাই তেওঁৰ গোটেই জীৱন টো দেশৰ বাবেই উৎসৰ্গা কৰিছিল । সকলোৱেই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

ইয়াৰ মাজতে এগৰাকী অভিনেত্ৰীয়েও দিছে এটা পোষ্ট । যি গৰাকী অভিনেত্ৰীৰ লগত প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল ৰতন টাটা । সেই অভিনেত্ৰী গৰাকী হৈছে ছিমি গাৰেৱাল ।

ছিমিয়ে ৰতন টাটাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি সামাজিক মাধ্যমত লিখিছে যে “ সকলোৱে কৈছে তুমি গুচি গ’লা , তোমাৰ শূন্যতা কোনেও পূৰণ কৰিব নোৱাৰিব কেতিয়াও।বিদায় মোৰ বন্ধু”।

জানিব পৰা মতে ৰতন টাটাৰ প্ৰতি আকৰ্ষিত আছিল ছিমি গাৰোৱাল ।
