চাওতে চাওতে অসমীয়াৰ চোতাল পালেহি হেঁপাহৰ ভোগালী বিহু । এশ এবুৰি সমস্যাৰ মাজতে ভোগৰ ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । আজি ভোগালীৰ উৰুকা । পৰম্পৰা ৰক্ষা কৰি ভোগালীৰ উৰুকাৰ বাবে উলহ-মালহেৰে প্ৰস্তুতি চলাইছে সমগ্ৰ ৰাজ্যবাসীয়ে । হাঁহে-মাহে নিশালৈ এসাঁজ খোৱাৰ যো-জা কৰিছে সকলোৱে । ঐতিহ্য পৰম্পৰাৰে জিলিকি উঠিছে ৰাজ্যৰ চৌদিশ ।
ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে ভেলাঘৰ আৰু মেজি সজাৰ পৰা আৰম্ভ কৰি নিশাৰ ভাগলৈ ভোজ-ভাতৰ আয়োজনৰ বাবে ব্যস্ত হৈ পৰিছে সকলো । ভেলাঘৰত উঠিছে বিহুগীতৰ জোৱাৰ । জীয়াৰী-বোৱাৰী সকলো আখলত পিঠা-পনা বনোৱাত ব্যস্ত হৈ পৰিছে । ইফালে উৰুকাৰ পুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । ডাঙৰ ডাঙৰ বৰালী, ৰৌ, ভকুৱা, চিতল, আঁৰি মাছেৰে ভৰি পৰিছে বজাৰসমূহ । ইফালে কোনো কোনো ঠাইত পুৱাই ৰাইজক সমূহীয়া মৎস্য চিকাৰতো নমা দেখা গ’ল ।
মূল্যবৃদ্ধিৰ প্ৰভাৱেও লৰাব নোৱৰা অসমীয়াই এতিয়া উৰুকাৰ নিশাটোত লগে-ভাগে এসাঁজ খাবৰ বাবে ব্যস্ত হৈ পৰিছে যা-যোগাৰ কৰাত । শাক-পাচলি, মাছ-মাংসৰ পৰা আৰম্ভ কৰি চিৰা-পিঠা, দৈ-ক্ৰীম, গুৰ আদিৰে ভৰি পৰিছে বজাৰসমূহ । উৰুকাৰ নিশা সকলোৱে মিলি ভোজ-ভাত খোৱাৰ পিছত কাইলৈ পুৱাই মেজি জ্বলাই অগ্নি সেৱা কৰিব ৰাইজে । সকলোৰে আশা, এই ভোগালীয়ে প্ৰত্যেকজন অসমীয়াক সমৃদ্ধ কৰক, সমৃদ্ধিশালী হওক সমাজ, নিকপকপীয়া হওক আমাৰ মাজৰ সম্পৰ্কৰ বান্ধোন ।