চৌদিশে এতিয়া দুৰ্গা পূজাৰ আনন্দ । কিন্তু তাৰ মাজতেই আহিছে এটা বেয়া খবৰ । শাৰদীয় দুৰ্গোৎসৱৰ সময়ত বতৰে ঘটাব বিঘিনি।
১৩ অক্টোবৰ পৰ্যন্ত ৰাজ্যত হব মুষলধাৰ বৰষুণ । বংগোপ সাগৰত ঘূৰ্ণী বতাহৰ সৃষ্টি হোৱাৰ বাবেই
ৰাজ্যৰ বহু কেইখন জিলাত জাৰি কৰিছে ইয়েল্ল’ এলাৰ্ট। বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য,দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং,নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং ,গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজী, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে ইয়েল্ল’ এলাৰ্ট
নৱমী আৰু দশমীৰ দিনা ৰাজ্যত বৰষুণৰ প্ৰৱল সম্ভাৱনা আছে।