ম্যানমাৰৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ পৰা মুক্ত হোৱা ৩০০ ভাৰতীয় নাগৰিকক সোমবাৰে থাইলেণ্ড হৈ ভাৰতলৈ প্ৰেৰণ কৰা হয় । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ভাৰতীয় নাগৰিকসকলক বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমানেৰে ঘূৰাই অনা হয় । ম্যানমাৰ চৰকাৰে চীনৰ অপাৰেটৰৰ দ্বাৰা পৰিচালিত অবৈধ অনলাইন কেলেংকাৰী কেন্দ্ৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । ইয়াৰ পৰা মুক্ত হোৱা লোকসকলক নিজৰ দেশলৈ পঠিয়াই দিয়া হৈছে । এই অভিযানত ম্যানমাৰ চৰকাৰে প্ৰায় ৭ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে ।
কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া এই লোকসকলৰ অধিকাংশই চীনৰ যুৱক । ম্যানমাৰ-থাইলেণ্ড সীমান্তত আবদ্ধ হৈ আছে চীনৰ যুৱক সকল । এই কেন্দ্ৰসমূহৰ পৰা মুকলি কৰি দিয়া ২৬৬গৰাকী ভাৰতীয় পুৰুষ আৰু ১৭গৰাকী মহিলাক ভাৰতীয় কৰ্তৃপক্ষই ৭খন বাছত উঠাই থাইলেণ্ড বিমানবন্দৰলৈ লৈ যায় । ইয়াৰ বাহিৰেও তেওঁলোকৰ লাগেজ আন তিনিখন বাছত অনা হৈছিল । এই নাগৰিকসকলক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমান মোতায়েন কৰিছে ।
প্ৰৱঞ্চনাৰ জৰিয়তে প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন-
উল্লেখ্য যে বিভিন্ন ধৰণৰ প্ৰৰোচনা আগবঢ়াই হাজাৰ হাজাৰ লোকক কামৰ বাবে ম্যানমাৰলৈ অনা হয়, য’ত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰৱঞ্চনামূলক কামত লিপ্ত কৰোৱা হয় । ভুৱা চুক্তিৰে বহু লোকক ম্যানমাৰলৈ অনা হয় আৰু ইয়াত শোষণ কৰা হয় । ২০২৩ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি অপৰাধী দলসমূহে অনলাইন প্ৰৱঞ্চনাৰ জৰিয়তে প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন কৰে ।
দক্ষিণ এছিয়াত চলোৱা হৈছে বৃহৎ অভিযান-
দক্ষিণ এছিয়াৰ দেশসমূহে কেলেংকাৰী কেন্দ্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে । বৰ্তমান থাইলেণ্ড-ম্যানমাৰ সীমান্তত এটা ডাঙৰ অভিযান চলোৱা হৈছিল । থাইলেণ্ড চৰকাৰে কেলেংকাৰী কেন্দ্ৰ বুলি সন্দেহ কৰা অঞ্চলসমূহৰ বিদ্যুৎ, ইন্ধন আৰু পানী যোগান কৰ্তন কৰিছিল ।