২৮ মাৰ্চত ম্যানমাৰত সংঘটিত হোৱা বৃহৎ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৫৬ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৩৯০০ৰো অধিক লোক আহত হৈছে বুলি তথ্য প্ৰকাশ পাইছে । লগতে এই ভূমিকম্পত প্ৰায় ২৭০ জন লোক সন্ধানহীন হৈ আছে । ম্যানমাৰৰ শাসকীয় জুন্টা চৰকাৰে সোমবাৰে এই তথ্য প্ৰদান কৰে ।
৭.৭ প্ৰাবল্যৰ এই ভয়াৱহ ভূমিকম্পৰ পিছত ধ্বংসাৱশেষত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে । এই শোকাৱহ দুৰ্ঘটনাত নিহতসকলৰ সন্মানত এক সপ্তাহৰ ৰাষ্ট্ৰীয় শোক কাৰ্যসূচী ঘোষণা কৰিছে চৰকাৰে ।
তিনিদিনৰ মূৰত ধ্বংসাৱশেষৰ পৰা ওলাই আহিল মহিলা-
সোমবাৰে বিষয়াসকলে জনোৱা মতে, মাণ্ডেলেৰ গ্ৰেট ৱাল হোটেলৰ ধ্বংসাৱশেষৰ পৰা এগৰাকী মহিলাক নিৰাপদে উদ্ধাৰ কৰা হয় । তিনিদিনৰ মূৰত কাৰোবাক জীৱিত অৱস্থাত বিচাৰি পোৱাত আশাৰ সৃষ্টি হয় । ম্যানমাৰত থকা চীনৰ দূতাবাসে ফেচবুক পোষ্টযোগে মহিলাগৰাকীৰ অৱস্থা সুস্থিৰ বুলি অৱগত কৰিছে ।
মাণ্ডালে ম্যানমাৰৰ ভূমিকম্পৰ কেন্দ্ৰৰ সমীপত অৱস্থিত আৰু এই ভূমিকম্পই থাইলেণ্ডকে ধৰি কেইবাখনো চুবুৰীয়া দেশতো প্ৰভাৱ পেলাই, যত ৰাজধানী বেংকককে ধৰি বহু অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে ।
বেংককত অব্যাহত উদ্ধাৰ অভিযান-
বেংককত উদ্ধাৰ কৰ্মীয়ে নিৰ্মাণৰত আকাশচুম্বী ঘৰৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা ৭৬ জন লোকক উদ্ধাৰৰ বাবে সোমবাৰেও নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ভূমিকম্পৰ প্ৰভাৱত এই অট্টালিকাৰ গঠন ভাঙি পৰে । দেওবাৰলৈকে থাইলেণ্ডত মৃত্যুৰ সংখ্যা ১৮ জন যদিও ধ্বংসাৱশেষৰ পৰা আৰু অধিক মৃতদেহ উদ্ধাৰ হোৱাৰ আশংকা কৰা হৈছে ।
ভাৰতকে ধৰি বহু দেশৰ সাহাৰ্য প্ৰেৰণ-
ম্যানমাৰ ইতিমধ্যে গৃহযুদ্ধৰ বাবে সংকটত পৰিছিল, কিন্তু এতিয়া এই ভূমিকম্পই দেশখনত পৰিস্থিতি আৰু বেয়া কৰি তুলিছে । ভাৰতকে ধৰি বহু দেশ আৰু ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই দুৰ্যোগত ক্ষতিগ্ৰস্ত ২৩ হাজাৰৰো অধিক লোকক সাহায্য প্ৰদানৰ বাবে সাহায্য প্ৰেৰণ কৰিছে ।