গোলাঘাট নগৰৰ মাজমজিয়াৰ অন্নপূৰ্ণা ভান্ডাৰ নামৰ হোটেলখনৰ পৰা আপুনি ক্ৰয় কৰিছে নেকি মিঠাই। হোটেলখনত মিঠাইৰ লগতে একেলগে সহৱস্থান জেঠী আৰু মাখিৰ। জানিব পৰা মতে, নিশা হোটেলখনত অভিযান চলাইচিল প্ৰশাসনে। অভিযান চলাবলৈ আহি মিঠাই কাৰখানাৰ দুৰ্গন্ধত নাক কোচালে গোলাঘাট জিলা প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশে । গ্ৰাহকৰ বাবে সজাই থোৱা মিঠাইত বগাই থাকে জেঠী। একাংশৰ অভিযোগ কিছুদিন পূৰ্বে এইখন অন্নপূৰ্ণা হোটেলৰ পৰাই শ্ৰাদ্ধৰ বাবে ক্ৰীম আৰু ৰসগোল্লা নিয়াৰ পাচত ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত খাদ্যত বিষক্ৰিয়া হৈ দুই শতাধিক লোক আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।অভিযানৰ সময়ত প্ৰশাসনৰ লোকসকলে হোটেলখনৰ পাছফালে থকা মিঠাইৰ কাৰখানাৰ কদৰ্যময় ৰূপো প্ৰত্যক্ষ কৰে।বহু দল সংগঠনে হোটেলখন চীল কৰাৰ বাবে দাবী জনাইছে।