শনিবাৰে কাংপোকপিত মণিপুৰ ৰাজ্যিক পৰিবহণৰ এখন বাছত আক্ৰমণৰ ঘটনা সংঘটিত হয় । ইম্ফলৰ পৰা পাহাৰীয়া অঞ্চললৈ আন্তঃজিলা বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ পিছতে এই ঘটনা সংঘটিত হয় । উল্লেখ্য যে, মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা এই বাছ সেৱা স্থগিত ৰখা হৈছিল ।
গগামিফাই অঞ্চলত বাহনলৈ শিলগুটি নিক্ষেপ-
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰে ইম্ফলৰ পৰা কাংপোকপি আৰু চুৰাচান্দপুৰলৈ ৰাজহুৱা বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ চেষ্টা কৰিছিল । কিন্তু ইম্ফলৰ মইৰাংখোমৰ মণিপুৰ ৰাজ্যিক পৰিবহণ (এম এছ টি) ষ্টেচনত কোনো যাত্ৰী বাছখনত উঠা নাছিল । বিষয়াসকলে জনোৱা মতে, সেনাপতি জিলা অভিমুখে গৈ থকা বাছখন কাংপকপি জিলাৰ গামগামিফাই অঞ্চলত একাংশ লোকে শিলগুটি নিক্ষেপ কৰে । নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু লাঠীচাৰ্জ কৰি উত্তেজিত লোকক ছত্ৰভংগ দিয়াৰ ফলত একাংশ প্ৰতিবাদকাৰী আহত হয় ।
আন্তঃজিলা বাছ সেৱা আৰম্ভ-
ইম্ফল বিমানবন্দৰৰ পৰা কোনো যাত্ৰী নোহোৱাকৈ পাহাৰীয়া জিলা চুৰাচান্দপুৰ আৰু সেনাপতিলৈ ৰাওনা হয় বাছ । এই বাছসমূহক কেন্দ্ৰীয় বাহিনীৰ বৃহৎ কনভয়ৰ দ্বাৰা নিৰাপত্তা প্ৰদান কৰা হৈছিল, য’ত সেনা জোৱানো আছিল । চুৰাচান্দপুৰ অভিমুখে যোৱা বাছখনে বিষ্ণুপুৰ জিলা পাৰ হৈ কোনো ধৰণৰ ষ্টপেজ নোহোৱাকৈ কংৱাইত উপস্থিত হয় । সেনাপতি জিলা অভিমুখে যোৱা বাছখনে কাংপকপি হৈ ইম্ফল জিলাৰ কংলাটংবিলৈ কোনো বাধাৰ সন্মুখীন হোৱা নাছিল । জনসাধাৰণৰ অসুবিধা নূন্যতম কৰি ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ পদক্ষেপ হিচাপে ৰাজ্যিক পৰিবহণ বাছ সেৱা পুনৰ আৰম্ভ কৰা হয় ।
কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ-
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিছিল যে ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো পথতে মানুহৰ মুক্ত চলাচল নিশ্চিত কৰাৰ লগতে বাধা সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকৰ অধ্যক্ষতা কৰি তেওঁ কয় যে কেন্দ্রই ৰাজ্যখনৰ স্থায়ী শান্তি পুনৰুদ্ধাৰৰ বাবে সম্পূৰ্ণ দায়বদ্ধ আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে । উত্তৰ-পূব ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছত এইখনেই আছিল প্ৰথমখন বৈঠক । ২০২৩ চনৰ মে’ মাহৰ পৰা ৰাজ্যখনত অব্যাহত আছে জাতিগত হিংসা । এই হিংসাত দুশ পঞ্চাশজনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।