ম্যানমাৰৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে অপাৰেচন ব্ৰহ্ম । ভুক্তভোগীক সহায় কৰিবলৈ বায়ুসেনাৰ সহায়ত সাহাৰ্য প্ৰেৰণ কৰা হৈছে । এন ডি আৰ এফৰ এটা দলো ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ফিল্ড হাস্পতালৰ পৰাও ১১৮ গৰাকী চিকিৎসা কৰ্মীক ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে । তদুপৰি এতিয়া নৌসেনাৰ এটা দলে সাহায্য আৰু উদ্ধাৰ সামগ্ৰী লৈ ইয়াংগনলৈ ৰাওনা হৈছে ।
অপাৰেচন ব্ৰহ্মৰ তাৎপৰ্য-
এদিন পূৰ্বে বৈদেশিক মন্ত্ৰালয়ে অপাৰেচন ব্ৰহ্মৰ বিষয়ে তথ্য দিছিল । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কৈছিল যে ব্ৰহ্মা সৃষ্টিৰ দেৱতা, সেয়েহে এই অভিযানৰ নাম বিশেষ । তেওঁ কয়, সংকটৰ সময়ত প্ৰথমে সহায় কৰাটো ভাৰতৰ বৈদেশিক নীতিৰ অংশ ।
ভাৰতৰ নীতি হৈছে সংকটৰ সময়ত সহায় কৰা-
বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতে প্রথম প্রতিক্রিয়া প্রদান কৰা দেশ ৷ ম্যানমাৰত যাগী ঘূৰ্ণীবতাহে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সময়তো ভাৰতে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল । আমি ম্যানমাৰৰ জনসাধাৰণক সাহায্য, বস্তুগত, মানৱীয় সাহায্য আগবঢ়াইছিলো, কেৱল ম্যানমাৰৰ জনসাধাৰণকে নহয়, ক্ষতিগ্ৰস্ত হোৱা আন বহু দেশো ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিল ।
ভূমিকম্পত বেংককত ভাগি পৰিল ৩৩ মহলীয়া অট্টালিকা-
উল্লেখ্য যে ম্যানমাৰত হোৱা ভূমিকম্পৰ বাবে থাইলেণ্ডতো বিপুল ক্ষতিসাধন হৈছে । এটা ভিডিঅ’ত বেংককত ৩৩ মহলীয়া অট্টালিকা ভাঙি পৰা দেখা গৈছে । এই ঘটনাত চীনৰ সংযোগৰ খবৰ আহিছে । এই বিষয়ত থাইলেণ্ড চৰকাৰে তদন্ত আৰম্ভ কৰিছে ।