ভাৰত আৰু নিউজীলেণ্ডৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই খেলখনত ভাৰতীয় দলটোৱে ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ৩৬ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্টত জয়লাভ কৰিবলৈ সক্ষম হৈছে নিউজীলেণ্ডে । এতিয়া দুয়োখন দেশৰ মাজত শৃংখলাৰ দ্বিতীয়খন খেল ২৪ অক্টোবৰ (বৃহস্পতিবাৰ)ৰ পৰা পুনেত অনুষ্ঠিত হ’ব ।
এতিয়া দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলত পৰিৱৰ্তন দেখা গৈছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাছনি সমিতিয়ে এই শৃংখলাৰ বাকী দুখন খেলৰ বাবে বাওঁহতীয়া অল ৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক দলত অন্তৰ্ভুক্ত কৰিছে । দ্বিতীয়খন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে পুনেত ভাৰতীয় দলত যোগদান কৰিব সুন্দৰে । ৰঞ্জী ট্ৰফীত তামিলনাডুৰ হৈ ১৫২ ৰানৰ ইনিংছ খেলিছিল সুন্দৰে ।
নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় আৰু তৃতীয় টেষ্টৰ বাবে ১৬ জনীয়া ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, ছৰফৰাজ খান, ঋষভ পন্ত (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশ দীপ, ৱাশ্বিংটন সুন্দৰ ।
অৱশ্যে ২৫ বছৰীয়া ৱাশ্বিংটন সুন্দৰক অতিৰিক্ত অল-ৰাউণ্ডাৰ বিকল্প হিচাপে ভাৰতীয় দলত কিয় অন্তৰ্ভুক্ত কৰা হ’ল সেই কথা বি চি চি আইয়ে ব্যাখ্যা কৰা নাই । আনহাতে ভাৰতীয় দলত ইতিমধ্যে ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলৰ দৰে খেলুৱৈ আছে । এতিয়া ভাৰতে ১৬ জনীয়া দল লৈ পুনে আৰু মুম্বাই টেষ্টলৈ ৰাওনা হ’ব ।
সুন্দৰৰ আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড-
২০২০-২১ বৰ্ষৰ অষ্ট্ৰেলিয়া ভ্ৰমণত টিম ইণ্ডিয়াৰ ঐতিহাসিক টেষ্ট শৃংখলাৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৱাশ্বিংটন সুন্দৰে । গাব্বা টেষ্টৰ প্ৰথম ইনিংছত শ্বাৰ্দুল ঠাকুৰৰ সৈতে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলি ভাৰতক বিপদৰ পৰা উদ্ধাৰ কৰিছিল তেওঁ । এই পৰ্যন্ত সুন্দৰে ভাৰতৰ হৈ চাৰিখন টেষ্ট, ২২খন এদিনীয়া আৰু ৫২খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ।
টেষ্ট কেৰিয়াৰত সুন্দৰে ৬৬.২৫ গড়ে ২৬৫ ৰান সংগ্ৰহ কৰিছে, য’ত তিনিটা অৰ্ধশতক অৰ্জন কৰিছে । ক্ৰিকেটৰ এই সৰ্ববৃহৎ ফৰ্মেটত সুন্দৰে এতিয়ালৈকে ৬টা উইকেট দখল কৰিছে । আনহাতে সুন্দৰৰ নামত এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত গড়ে ২৪.২৩ আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১৩.৪১ গড়ে ১৬১ ৰান আছে । তামিলনাডুৰ এইগৰাকী ক্ৰিকেটাৰে টি-২০ ইণ্টাৰনেশ্যনেলত ৪৭ টা আৰু এদিনীয়া ইণ্টাৰনেশ্যনেলত ২৩ টা উইকেট দখল কৰিছে ।