গায়ক আৰু অভিনেতা কিশোৰ কুমাৰ ভাৰতীয় চিনেমাৰ অন্যতম এক স্মৰণীয় নাম । হৃদয়স্পৰ্শী গীত আৰু বাস্তৱ জীৱনত অদ্ভুত আৰু ধেমেলীয়া আচৰণৰ বাবে বিখ্যাত কিশোৰ কুমাৰৰ জীৱনক ডাঙৰ পৰ্দালৈ অনাৰ বাবে বলীউডত দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলি আহিছে । যদি এতিয়া আহি থকা খবৰবোৰ সঁচা হয় তেন্তে নিশ্চয় ৰাইজ এই বায়’পিকখন চাবলৈ অতিশয় উৎসাহী হ’ব । খবৰ পোৱা মতে কিশোৰ কুমাৰৰ বায়’পিকৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ সৈতে যোগাযোগ কৰা হৈছে ।
আমিৰ খান হ’ব কিশোৰ কুমাৰ-
এক বাতৰি অনুসৰি আমিৰ খানক কিশোৰ কুমাৰৰ বায়’পিক ছবিখনৰ প্ৰস্তাৱ দিয়া হৈছে । ‘বৰফি’ আৰু ‘লুডো’ নিৰ্মাণ কৰা পৰিচালক অনুৰাগ বসুৱে পৰিচালনা কৰিব এই বায়’পিকখন । এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে আমিৰ আৰু অনুৰাগে ‘প্ৰযোজক ভূষণ কুমাৰৰ বাবে কিশোৰ কুমাৰৰ বায়’পিক নিৰ্মাণৰ বিষয়ে আলোচনা কৰিছে’ । এই সন্দৰ্ভত দুয়োৰে ৪-৫ খন মিটিং হৈছে ।
সূত্ৰটোৱে আৰু কয়, ‘কিশোৰ কুমাৰৰ বায়’পিক এনে এক বিষয় যিটো অনুৰাগ বসু আৰু ভূষণ কুমাৰ দুয়োৰে হৃদয়ৰ অতি ঘনিষ্ঠ । দুয়োজনে ইয়াক সম্ভৱপৰ উত্তম ৰূপত এখন ডাঙৰ ছবি হিচাপে গঢ়ি তুলিবলৈ আলোচনা কৰি আছে । আমিৰ কিশোৰ কুমাৰৰো ডাঙৰ অনুৰাগী আৰু এজন কিংবদন্তিৰ জীৱন পৰ্দাত অনাৰ অনুৰাগৰ দৃষ্টিভংগী তেওঁ ভাল পাইছে । ছবি নিৰ্মাতাই ইয়াক একেবাৰে বেলেগ ধৰণেৰে ব্যৱহাৰ কৰিছে, আৰু এইটোৱেই আমিৰে আটাইতকৈ ভাল পায় ।‘
গুলচন কুমাৰৰ বায়’পিকতো আমিৰ থকাৰ খবৰ-
কেইবছৰমান পূৰ্বে এই খবৰটো বহুত চৰ্চিত হৈছিল যে ছুপাৰষ্টাৰ আমিৰ খানে বিখ্যাত ভজন গায়ক তথা টি ছিৰিজৰ প্ৰতিষ্ঠাপক গুলচন কুমাৰৰ বায়’পিকত কাম কৰিবলৈ ওলাইছে ।
পিছত, এই বাতৰিটোৰ সৈতে সম্পৰ্কিত আৰু কোনো তথ্য প্ৰকাশ হোৱা নাছিল । কিন্তু তেওঁৰ প্ৰযোজনাত নিৰ্মিত ‘লাপাতা লেডিজ’ৰ প্ৰচাৰৰ সময়ত, আমিৰে বহুতো সাক্ষাৎকাৰত কৈছিল যে আজিকালি তেওঁ সংগীত শিকি আছে আৰু এতিয়া তেওঁ ভালদৰে গান গাবলৈ আৰম্ভ কৰিছে । মানুহে আমিৰৰ কথাক গুলচন কুমাৰৰ জীৱনীমূলক কাম কৰাৰ আভাস বুলি বিবেচনা কৰিছিল । কিন্তু এতিয়া আমিৰৰ প্ৰশিক্ষণ তেওঁক কিশোৰ কুমাৰ বনোৱাত সহায়ক প্ৰমাণিত হ’ব ।