বাংলাদেশৰ নাগৰিকক ইজৰাইললৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে । চৰকাৰে পাছপ’ৰ্টত লিখিছে যে এই পাছপ’ৰ্ট ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবে বৈধ । অন্তৱৰ্তীকালীন চৰকাৰৰ এই সিদ্ধান্তই ইজৰাইলত কাম কৰিবলৈ যোৱাসকলৰ সমস্যা বৃদ্ধি কৰিছে ।
উল্লেখ্য যে, যুদ্ধবিৰতিৰ অন্ত পেলাই গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলে । সমগ্ৰ বিশ্বতে এই ঘটনাৰ গৰিহণা দিয়া হৈছে । এই সন্দৰ্ভত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে । বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে পাছপ’ৰ্ট আৰু ইমিগ্ৰেচন বিভাগক বিদেশ ভ্ৰমণ কৰা নাগৰিকসকলৰ বাবে চৰকাৰী ভ্ৰমণ অনুমতি পত্ৰত পুনৰ এটা বিবৃতি যোগ কৰিবলৈ নিৰ্দেশ দিছে য’ত উল্লেখ কৰা হৈছে যে এই পাছপ’ৰ্ট ইজৰাইলৰ বাহিৰে বিশ্বৰ সকলো দেশৰ বাবে বৈধ । গৃহ মন্ত্ৰালয়ৰ নিৰাপত্তা সেৱা বিভাগৰ উপ সচিব নীলিমা আফ্ৰজে কয় যে আমি এই পত্ৰখন জাৰি কৰিছো ।
শ্বেখ হাছিনাই আঁতৰাইছিল এই শাৰী-
ইজৰাইল সম্পৰ্কীয় এই শাৰীটো বাংলাদেশৰ পৰা জাৰি কৰা পাছপ’ৰ্টতো ইয়াৰ আগতে লিখা হৈছিল । ২০২১ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰৰ সময়ত ইয়াক আঁতৰাই পেলোৱা হৈছিল । বিষয়াসকলে ইজৰাইলৰ প্ৰতি বাংলাদেশে নিজৰ স্থিতি সলনি কৰা নাই বুলি কৈছিল যদিও পাছপ’ৰ্টৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বজাই ৰাখিবলৈ এই বাক্যাংশ আঁতৰোৱা হৈছে । তেতিয়াৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে কৈছিল যে বাংলাদেশৰ কোনো ব্যক্তিয়ে ইজৰাইললৈ যাব নোৱাৰে আৰু যদি কোনোবাই তেনে কৰে তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
তৃতীয় দেশৰ পৰা ল’ব লাগিব ভিছা-
বাংলাদেশৰ পৰা বৃহৎ সংখ্যক লোক কাম কৰিবলৈ ইজৰাইললৈ যায় । এতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ সিদ্ধান্তৰ পিছত তেওঁলোকৰ চিন্তা বাঢ়িছে । এনে লোকে ইজৰাইললৈ যাবলৈ তৃতীয় দেশৰ পৰা ভিছা ল’ব লাগিব ।