পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ বৈঠক অনুষ্ঠিত হয় । এই সময়ত দুয়োজনে ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)ৰ পৰা উদ্ভৱ হোৱা অবিশ্বাস্য সুযোগৰ বিষয়ে আলোচনা কৰে । আলফাবেট ইনকৰ্পৰেশ্যনৰ ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দেশৰ ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত গুগল আৰু ভাৰতে কেনেদৰে একেলগে কাম কৰিব পাৰে সেই বিষয়েও আলোচনা কৰে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পিচাই লিখিছে, ‘পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি বৰ ভাল লাগিল । আমি ভাৰতলৈ এ আইয়ে কঢ়িয়াই অনা অবিশ্বাস্য সুযোগসমূহৰ বিষয়ে আৰু ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত আমি কেনেকৈ একেলগে কাম কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিলো ।’
দুয়োৰে অন্তিমখন বৈঠক ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত হৈছিল । মঙলবাৰে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ‘কৃত্ৰিম বুদ্ধিমত্তা একচন শীৰ্ষ সন্মিলন’ৰ সহ-অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ ফ্ৰান্সৰ মাৰ্চেইলত উপস্থিত হৈছিল । ইয়াত তেওঁ স্বাধীনতা সংগ্ৰামী ভি ডি সাভাৰকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই বন্দৰ চহৰৰ পৰা তেওঁ পলায়নৰ সাহসী প্ৰচেষ্টা চলাইছিল ।
মঙলবাৰে নিশা (স্থানীয় সময় অনুসৰি) তাত উপস্থিত হোৱাৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘মই মাৰ্চেইলত উপস্থিত হৈছোঁ । ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই চহৰখনৰ বিশেষ তাৎপৰ্য আছে । ইয়াতেই মহান বীৰ সাভাৰকাৰে পলায়নৰ সাহসী প্ৰচেষ্টা চলাইছিল । তেওঁ কয়, ‘মই মাৰ্চেইলৰ জনসাধাৰণ আৰু সেই সময়ৰ ফৰাচী কৰ্মীসকলকো ধন্যবাদ জনাইছো যিয়ে তেওঁক ব্ৰিটিছৰ জিম্মাত গতাই নিদিয়াৰ দাবী জনাইছিল । বীৰ সাভাৰকাৰৰ বীৰত্বই প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।‘
মাৰ্চেইলত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰৱাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায় । ‘এক্স’ত গভীৰ নিশা (ভাৰতীয় সময় অনুসৰি ৪.১৮ বজাত) এটা পোষ্টত মোদীয়ে কয়, ‘ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু মই অলপ আগতে মাৰ্চেইলত উপস্থিত হৈছো । এই ভ্ৰমণত ভাৰত আৰু ফ্ৰান্সক অধিক ঘনিষ্ঠ কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকিব । উদ্বোধন কৰা ভাৰতীয় কনছুলেটটোৱে জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব । প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ভাৰতীয় জোৱান সকলকো শ্ৰদ্ধাঞ্জলি জনাম ।‘