মধ্য প্ৰদেশৰ শিৱপুৰী জিলাত এটা অভিযানে উদঙাইছে প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ কথা। এই অভিযানত জব্দ কৰা সম্পত্তি দেখি সকলোৱে হতবাক হৈ পৰিছে।
জিলাখনৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ ওচৰত ৮৩.৬ কোটি টকাতকৈও অধিক সম্পত্তি থকা দেখা গৈছে। যাৰ ভিতৰত আছে ৫২টা প্লট, যি তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসতকৈ অধিক।
শিক্ষকজনৰ নাম সুৰেশ সিং ভাদাউৰিয়া। জানিব পৰা মতে গোৱালিয়ৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই বুধবাৰে ৰাতিপুৱা জিলাখনৰ ভণ্টি চহৰত ভাদাউৰিয়াৰ বাসগৃহত অভিযান চলাইছিল।
ই.ও.ডব্লিউ.-য়ে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে ভাদাউৰিয়া আৰু তেওঁৰ পৰিয়ালৰ ওচৰত সামূহিকভাৱে বহু মাটি-সম্পত্তি থকাৰ লগতে দোকান, ঘৰ, বাহন,সোণ আৰু ৰূপ আছে।
ই.ও.ডব্লিউ. অনুসন্ধান অনুসৰি, ভাদাউৰিয়াই এতিয়ালৈকে তেওঁৰ চাকৰিৰ পৰা মুঠ ৩৮.০৪লাখ টকা দৰমহা উপাৰ্জন কৰিছে।
ই.ও.ডব্লিউ. বিষয়াসকলৰ মতে, শিক্ষক সুৰেশ সিং ভাদাউৰিয়া, যি বৰ্তমান মাহিলী ৬৫হাজাৰ দৰমহা উপাৰ্জন কৰে। তেওঁ ১৯৯৮ চনৰ পৰা চাকৰিটো কৰি আছে।
শিক্ষকজনে মুঠ ৮৩৬,৩২,৩৪০ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ বিষয়ে তথ্য লাভ কৰিছে। অভিযুক্ত শিক্ষকজনে তেওঁৰ প্ৰায় ২৭ বছৰৰ চাকৰিকালত দৰমহা হিচাপে প্ৰায় ৩৮ লাখ ৪ হাজাৰ টকা লাভ কৰিছিল।
অভিযানৰ সময়ত, ই.ও.ডব্লিউ.-য়ে ১২ টা বেংক পাছবুক আৰু কেইবাটাও ভূমিমালিকী নথি পত্ৰ উদ্ধাৰ কৰিছে।