পুনৰ দেশত সংঘটিত হৈছে নিৰ্ভয়া কাণ্ড। এইবাৰ মহাৰাষ্ট্ৰৰ পুনেত এগৰাকী ২৬ বছৰীয়া যুৱতীক বাছৰ ভিতৰতে ধৰ্ষণ যুৱকৰ।
পুনেৰ জনবহুল স্বৰ্গেট বাছ আস্থানত ৰখাই থোৱা এখন চৰকাৰী বাছত যুৱতী গৰাকী বৰ্বৰতাৰ সন্মুখীন হ’ব লগা হৈছিল। এই ঘটনাৰ অপৰাধী হৈছে ৩৬ বছৰীয়া দত্তাত্ৰেয় ৰামদাস গাদে।
যাৰ পূৰ্বে কেইবাটাও অপৰাধমূলক ৰেকৰ্ড আছে।অভিযুক্ত দত্তাত্ৰেয় ৰামদাস গাদেৰ বিৰুদ্ধে পুনে আৰু অহিলিয়ানগৰত চুৰি, ডকাইতিৰ বাবে ৬-৭ টা গোচৰ ৰুজু কৰা হৈছে।
অৱশ্যে ২০১৯ চনৰ পৰা দত্তাত্ৰেয় ৰামদাস গাদে জামিনত আছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে প্ৰতিবাদ আৰম্ভ হৈছিল। আৰক্ষীয়েও আৰম্ভ কৰিছিল তদন্ত।
অৱশেষত মহাৰাষ্ট্ৰ আৰক্ষীয়ে পুনেৰ স্বৰ্গেট বাছ আস্থানত এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযুক্ত দত্তাত্ৰেয় গাদেক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে শুকুৰবাৰে শিৰুৰ তহচিলত এজন লোকক আটক কৰিছিল। সেই লোকজনেই অভিযুক্তজনক দত্তাত্ৰেয় গাদে বুলি চিনাক্ত কৰা হৈছে, যাক পুনে আৰক্ষীয়ে মাজনিশা পুনেৰ শিৰুৰৰ পৰা জিম্মাত লৈছিল।