ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত সংঘটিত গুলিচালনা কাণ্ডৰ মাষ্টাৰ মাইণ্ডলৈ আৰক্ষীৰ গুলি।
আটকাধীন চুনাৰীৰ নূৰ কালামক লৈ নিশা লুকুৱাই ৰখা অস্ত্ৰৰ সন্ধান কৰিবলৈ গৈছিল আৰক্ষী।কিন্তু লুকুৱাই ৰখা অস্ত্ৰৰ সন্ধান দিবলৈ গৈ আৰক্ষীক আঘাত কৰি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে চলালে গুলি।
সোঁ-ভৰিত গুলিবিদ্ধ নূৰ কালামক বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত লৈ যোৱা হয়। পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে যোৱা ২৬ নৱেম্বৰৰ সন্ধিয়া তিনি জনীয়া অস্ত্ৰধাৰীয়ে বজাৰখনৰ এছ, বি, আই’ৰ গ্ৰাহক সেৱা কেন্দ্ৰত নিৰ্বিচাৰে গুলি বৰ্ষণ কৰিছিল।ঘটনাটোত ওৱাহেদুৰ ৰহমান, ৰতন ৰায়কে ধৰি তিনিজন লোক গুৰুতৰভাৱে আহত হৈছিল।