বুধবাৰে ৰাজ্য পুনৰ অনুভূত হয় ভূমিকম্পৰ জোঁকাৰণি । দিনৰ প্ৰায় ১১.৬ বজাত অনুভূত হয় এই জোঁকাৰণি । গুৱহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই জোঁকাৰণি অনুভূত হয় । ৫.৬ প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ য়াৰীপক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ৰাজ্যৰ নগাঁও, কাৰ্বি আংলং, ডিব্ৰুগড়, শিৱসাগৰ, কাজিৰঙা, গুৱাহাটী, নলবাৰী, বৰপেটা, শ্ৰীভূমিৰ লগতে অন্যান্য প্ৰান্ততো এই জোঁকাৰণি অনুভূত হয় । অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য বৰ্তমানলৈকে পোহৰলৈ অহাৱ নাই ।