অহা সপ্তাহৰ পৰা নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে ভাৰতে ১৫ জনীয়া টেষ্ট দল ঘোষণা কৰিছে । ৰোহিত শৰ্মাক দলটোৰ অধিনায়ৰ দায়িত্ব দিয়া হৈছে । একে সময়তে, যশপ্ৰীত বুমৰাহে উপ-অধিনায়কৰ ভূমিকা পালন কৰিব । আনহাতে দলৰ বাকী সকলো খেলুৱৈক প্ৰায় চিনাকী মুখতে দেখা যাব । বি চি চি আইয়ে শুকুৰবাৰে (১১ অক্টোবৰ) দলটো ঘোষণা কৰে ।
ইয়াত মন কৰিবলগীয়া কথাটো হ’ল যে নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোত, শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে খেলা প্ৰায় একেটা দলেই আছে । কিন্তু য়শ দয়ালে এই চিৰিজৰ বাবে সুযোগ লাভ নকৰিলে । হৰ্ষিত ৰাণা, নীতিশ ৰেড্ডী, মায়ংক যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণই এই দলটোত ট্ৰেভেল ৰিজাৰ্ভ হিচাপে সুযোগ লাভ কৰিছে ।
উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে শৃংখলাটোত ভাৰতীয় দলৰ কোনো উপ-অধিনায়ক নাছিল, সেয়েহে এতিয়া বুমৰাহক দায়িত্ব দিয়াৰ অৰ্থ হৈছে যে তেওঁ আগন্তুক সময়ত ৰোহিতৰ পিছত দলটোৰ ৰঙা বলৰ ফৰ্মেটৰ অধিনায়ক হ’ব । বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰাৰম্ভিক খেলসমূহত ৰোহিতে খেলাৰ সম্ভাৱনা নাই । এনে পৰিস্থিতিত, এতিয়া বুমৰাহে প্ৰাৰম্ভিক মেচবোৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ দায়িত্ব ল’ব বুলি সিদ্ধান্ত লোৱা হৈছে ।
ছামীয়ে নাপেলে সুযোগ-
মহম্মদ ছামীয়ে এই শৃংখলাটোত সুযোগ পাব বুলি আশা কৰা হৈছিল, কিন্তু বি চি চি আইয়ে এতিয়ালৈকে তেওঁৰ নাম বিবেচনা কৰা নাই । বাংলাদেশ শৃংখলাত এখনো টেষ্ট নেখেলা চৰফৰাজ খান, উইকেটকীপাৰ ধ্ৰুৱ জুৰেল, অলৰাউণ্ডাৰ অক্ষৰ পেটেল আৰু স্পীনাৰ কুলদীপ যাদৱে দলত নিজৰ স্থান বৰ্তাই ৰাখিছে । ছামীয়ে সম্ভৱতঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলালৈ উভতি আহিব পাৰে ।
নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গীল, বিৰাট কোহলী, কে এল ৰাহুল, চৰফৰাজ খান, ঋষভ পন্ত (উইকেট-কীপাৰ), ধ্ৰুৱ জুৰেল (উইকেট-কীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশ দীপ ।
ট্ৰেভেলিং ৰিজাৰ্ভ : হৰ্ষিত ৰাণা, নীতিশ ৰেড্ডী, মায়ংক যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণ ।