ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথম খন তালিকা প্ৰকাশ কৰিছে। ইয়াত, ৯৯ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। বিজেপিয়ে নাগপুৰ দক্ষিণ পশ্চিমৰ পৰা দেৱেন্দ্ৰ ফাড়নাবিছক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱানকুলেক কাম্তিৰ পৰা টিকট দিয়া হৈছে।দলটোৱে নীতিশ নাৰায়ণ ৰাণেক কংকৱলীৰ পৰা আৰু ৰাম কদমক ঘাটকোপাৰ পশ্চিমৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মহাৰাষ্ট্ৰত ২৮৮ খন বিধানসভা আসনৰ বাবে ভোটদান ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।