তুৰ্কীৰ এৰোস্পেচ ইণ্ডাষ্ট্ৰিজৰ মুখ্য কাৰ্যালয়ত (টুচুছ) বুধবাৰে সন্ত্ৰাসবাদীয়ে আক্ৰমন চলাই। এই আক্ৰমণৰ ফলত বহুলোক আহত হোৱাৰ লগতে কিছু লোক নিহত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে, মৃত্যু আৰু আঘাতৰ সঠিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই।জানিব পৰা মতে তুৰ্কীৰ ৰাজধানী আঙ্কাৰাৰ সমীপত থকা তুৰ্কী এৰোস্পেচ ইণ্ডাষ্ট্ৰিজৰ মুখ্য কাৰ্যালয়ত বিস্ফোৰণটোৰ পিছতেই গুলিবৰ্ষণ আৰম্ভ হৈছিল । চিচিটিভি ফুটেজত দেখিবলৈ পোৱা গৈছে যে সন্ত্ৰাসবাদীৰ দলটোৱে কাৰ্যালয়টোলৈ এখন ভাড়াগাড়ীত আহিছিল । আক্ৰমণটোৰ পিছতেই সমগ্ৰ দেশতে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হৈছে।
Post Views: 198