আজি ভয়ংকৰ ৰূপ লৈছে সাগৰীয় ঘূৰ্ণি ডানাই । ডেনাৰ প্ৰভাৱত অসমত মুষলধাৰ বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে । ডানাৰ প্ৰভাৱত নিম্নগামী হ’ব পাৰাস্তম্ভ । ৰাজ্যত ৪/৫ ডিগ্ৰী তাপমাত্ৰা হ্ৰাস পাব পাৰে । ইতিমধ্যে অসমকে ধৰি ১১ খন ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিয়ে আই এম ডিয়ে ।
আনহাতে অসমৰ ১৭ খন জিলাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল্লো এলাৰ্ট । ধুবুৰী, গোৱালপাৰা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁৱত ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে । লগতে ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰো, নালবাৰী, মৰিগাঁও, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা-হাচাও, হোজাই, গোলাঘাটত ।
ইফালে ডানা ঘূৰ্ণীবতাহৰ বাবে ২৪ আৰু ২৫ অক্টোবৰত পূব আৰু দক্ষিণ-পূব ৰে’লৱেৰ ১৫০ খনতকৈও অধিক ৰে’ল বাতিল । ইতিমধ্যে পশ্চিমবংগ আৰু ওড়িশাত সাগৰীয় ঘূৰ্ণি ডানাই আতংকৰ সৃষ্টি কৰিছে । প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ বেগত আহিছে ডানা ।
সাগৰীয় ঘূৰ্ণীবতাহ ‘ডানা’ই অসমৰ ১৭খনকৈ জিলাত চলাব পাৰে ত্ৰাস । সেয়েহে সকলোকে সাৱধানে থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ । ইতিমধ্যে ‘ডানা’ৰ বাবে স্তব্ধ হৈ পৰিছে দেশৰ ১১ খন ৰাজ্য । পশ্চিমবংগ , উৰিষ্যা আদিত ১০ লাখৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে প্ৰশাসনে ।