৩৬ বছৰৰ পাছত ভাৰতত এখন টেষ্ট মেচত জয়লাভ কৰি নিউজীলেণ্ডে তিনিখনীয়া মেচৰ শৃংখলাৰ প্ৰথমখন টেষ্টত টিম ইণ্ডিয়াক ৮ উইকেটত পৰাস্ত কৰি ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । এফালে আয়োজক ভাৰতে পুনেত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টেষ্ট মেচত জয়লাভ কৰি পুনৰ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিছে, আনহাতে আনফালে কিৱি দলৰ দৃষ্টি থাকিব শৃংখলা দখল কৰাত । এই খেলখন ২৪ অক্টোবৰৰ পৰা পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচত ভাৰতৰ প্লেইং-১১ৰ ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে । এনে সময়তে টিম ইণ্ডিয়াৰ সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ডয়চেৰৰ এটা বিবৃতি প্ৰকাশ পাইছে ।
কেনেকুৱা হ’ব দলটো ?
ভাৰতৰ সহকাৰী প্ৰশিক্ষক ৰিয়ান টেন ডয়চে কয় যে নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ বাবে মিডল অৰ্ডাৰ বেটছমেন কে এল ৰাহুল আৰু ছৰফৰাজ খানৰ মাজত স্থানৰ বাবে যুঁজ চলি আছে । অৱশ্যে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ কৰ্ণাটকৰ বেটছমেনজনক পৰ্যাপ্ত সুযোগ দিবলৈ আগ্ৰহী । বেংগালুৰুত অনুষ্ঠিত হোৱা উদ্বোধনী টেষ্টত ৮ উইকেটত পৰাজয়ৰ পাছত ভাৰতে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ বদ্ধপৰিকৰ । এতিয়া ৱাশ্বিংটন সুন্দৰকো যেতিয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে, তেতিয়া সকলোৰে দৃষ্টি দলীয় সংমিশ্ৰণত থাকিব ।
কে এল ৰাহুল নে ছৰফৰাজ ?
ভাৰতৰ অনুশীলনৰ পূৰ্বে টেন ডয়চে দলত স্থান লাভৰ বাবে ৰাহুল আৰু ছৰফৰাজৰ মাজত যুঁজ আছে নেকি বুলি সোধাত তেওঁ সাংবাদিকৰ আগত কয়, “কোনো খেলুৱৈৰ পক্ষ লোৱাৰ কোনো অৰ্থ নাই । ছৰফৰাজে যোৱা মেচখনত ভাল প্ৰদৰ্শন কৰিছিল কিন্তু ৰাহুলৰ ফৰ্ম চিন্তাৰ বিষয় নহয় । তেওঁ ভাল মানসিক অৱস্থাত আছে । কিন্তু নিশ্চিতভাৱে, আমি এই টেষ্ট মেচৰ বাবে সাতজন বেটছমেনৰ ভিতৰত ছয়জনক দলত খাপ খুৱাব লাগিব । পিটচটো চোৱাৰ পিছত আমি ইয়াৰ বিষয়ে সিদ্ধান্ত লম ।”
প্ৰথম টেষ্টত দুৰ্বল প্ৰদৰ্শন ৰাহুলৰ-
বাংগালুৰুৰ খেলখনত দ্বিতীয় ইনিংছত ছৰফৰাজে ১৫০ ৰাণ সংগ্ৰহ কৰে, আনহাতে ৰাহুলে দুয়োটা ইনিংছতে ভাল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । টেন ডচে স্বীকাৰ কৰে যে ৰাহুলক টেষ্ট ফৰ্মেটৰ পৰা বাহিৰত ৰখাটো কঠিন হ’ব আৰু মুখ্য প্ৰশিক্ষক গম্ভীৰেও তেওঁক পৰ্যাপ্ত সুযোগ দিব বিচাৰিছিল । “এনে নহয় যে আমি তেওঁৰ ফৰ্মক লৈ চিন্তিত । যদি আপুনি যোৱা তিনি মাহলৈ লক্ষ্য কৰে, গৌতমে মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ সময়ৰ পৰা, তেওঁ তেওঁক (ৰাহুল) যিমান সম্ভৱ সিমান সুযোগ দিব বিচাৰে । তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে,” ডচে কয় ।
গীল-পণ্ট ফিট-
টেন ডয়চে কয়, ‘লগতে দলটোৰ ভিতৰত অতি প্ৰতিযোগিতামূলক পৰিৱেশ আছে । ইৰাণী ট্ৰফীৰ ফাইনেলত ছাৰফৰাজে ১৫০ ৰানৰো অধিক (২২২ নট আউট) সংগ্ৰহ কৰে । দলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো সিদ্ধান্ত লোৱা হ’ব, কিন্তু আমি নিশ্চিতভাৱে সকলো খেলুৱৈক সমৰ্থন কৰিম । প্ৰথম টেষ্ট মেচৰ বেছিভাগ সময় পণ্টে উইকেট ৰাখিব পৰা নাছিল, আনহাতে ডিঙিত জঠৰতাৰ বাবে গীল সেই মেচত খেলিব পৰা নাছিল ।‘ টেন ডয়চে কয়, ‘ঋষভ বৰ ভাল আৰু এই টেষ্ট মেচৰ বাবে গীলো উপলব্ধ হ’ব যেন লাগে । বেংগালুৰুত বেটিং অনুশীলন কৰিছিল । তেতিয়া তেওঁক অলপ অস্বস্তিবোধ কৰা যেন লাগিছিল যদিও এতিয়া তেওঁ সাজু হোৱা যেন লাগিছে ।