বৰ্তমান বলীউডৰ অন্যতম এগৰাকী শীৰ্ষ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে কৃতী চেনন । টাইগাৰ শ্ৰফৰ সৈতে ছাজিদ নাদিয়াদৱালাৰ ‘হিৰপন্তী’ত অভিনয়েৰে হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰিছিল কৃতীয়ে । এই ছবিখনৰ পিছত তেওঁ ‘টাইগাৰৰ নায়িকা’ৰ টেগ লাভ কৰে । তেতিয়াৰ পৰাই বহু দূৰ আগুৱাই গৈ ‘বেৰেইলী কি বৰফী’, ‘লুকা চুপ্প্পী’ আৰু ‘ভেড়িয়া’ৰ দৰে ব্লকবাষ্টাৰ ছবিৰে ছবি জগতত নিজৰ বাবে এক বিশেষ স্থান খোদিত কৰিছে অভিনেত্ৰীগৰাকীয়ে । ‘মিমি’ ছবিখনত চাৰোগেট মাতৃৰ চৰিত্ৰত অভিনয় কৰি কৃতীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে । অৱশ্যে টাইগাৰৰ নায়িকাৰ লেবেল আঁতৰাবলৈ বহু বছৰ সময় লাগিছিল তেওঁৰ ।
কৃতী চেননক ‘টাইগাৰ দিদি’ বুলি কোৱা হৈছি-
এক সাক্ষাৎকাৰত কৃতীয়ে কয় যে চলচ্চিত্ৰ জগতৰ প্ৰথম বছৰবোৰত তেওঁক ‘টাইগাৰ দিদী’ বুলি কোৱা হৈছিল । অভিনেত্ৰীগৰাকীয়ে কয় যে ছবি প্ৰযোজক অশ্বিনী আয়াৰ তিৱাৰীৰ সন্তানে তেওঁক ‘টাইগাৰ দিদি’ বুলি মাতিছিল, সেইবাবেই তেওঁ পৰিস্থিতি সলনি কৰাৰ সিদ্ধান্ত লৈছিল ।
অভিনেত্ৰীগৰাকীয়ে কয়, ‘যেতিয়া আপুনি ইণ্ডাষ্ট্ৰী (চলচ্চিত্ৰ পৰিয়াল)ৰ নহয়, তেতিয়া মানুহৰ মনত নিজৰ নাম আৰু মুখ চিহ্নিত কৰিবলৈ অধিক সময় লাগে । সেই সময়ত বৰেইলী কী বৰফী পৰিচালনা কৰা অশ্বিনী আয়াৰ তিৱাৰীৰ সন্তানে মোক ‘টাইগাৰ দিদি’ বুলি মাতিছিল । এইবোৰেই আছিল যেতিয়া মই বুজিলোঁ যে মানুহে মোক চিনি পাবলৈ আৰু মই কোন সেইটো জানিবলৈ মই দুগুণ কষ্ট কৰিব লাগিব ।‘
‘হিৰপন্তী’ৰ বিষয়ে কি ক’লে কৃতীয়ে ?
প্ৰথমখন ছবিৰ কথা কওঁতে কৃতীয়ে কয় যে প্ৰথম ব্ৰেক পাবলৈ বেছি সময় নালাগিল । অভিনেত্ৰীগৰাকীয়ে কয়, ‘হিৰপন্তীৰ সময়ত যদিও মানুহে টাইগাৰক চিনি পাইছিল আৰু এই ছবিখন তেওঁৰ প্ৰথম আছিল যদিও পৰিচালক আৰু প্ৰযোজকে ছবিখনক দুটা নতুন মুখ মুকলি কৰা বুলি গণ্য কৰিছিল । গীত আৰু সকলোৰে সৈতে বলীউডৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মুহূৰ্তটোও পাইছিলোঁ ।
উল্লেখ্য যে, তেলেগু ছবি পাৰুগু (২০০৮)ৰ ৰিমেক হিৰপন্তীয়ে মুক্তিৰ পিছত বিশ্বজুৰি ৭৮ কোটি টকা উপাৰ্জন কৰিছিল আৰু এই ছবিখন ব্যৱসায়িকভাৱে হিট হৈছিল ।
ইফালে, কৃতীয়ে বৰ্তমান কাজলৰ সৈতে তেওঁৰ নেটফ্লিক্সৰ থ্ৰিলাৰ ‘ডু পট্টি’ৰ প্ৰচাৰ কৰি আছে । শশাংক চতুৰ্বেদীৰ দ্বাৰা পৰিচালিত, কৃতীয়ে এই ছবিখনত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে । চলচ্চিত্ৰখন ২৫ অক্টোবৰ, ২০২৪ তাৰিখে মুক্তি পাব ।