এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰি ৰঙা ঘৰৰ আলহি হ’ল এগৰাকী যুৱক।তামুলপুৰ আৰক্ষী থানাৰ গান্ধীবাৰী আৰক্ষী চকী অধীনৰ দ্বাৰকুছিত সংঘটিত হৈছে এই ঘটনাটো।
এগৰাকী বিশেষভাৱে সক্ষম যুৱকতীক ফুচলাই লৈ গৈছিল দ্বাৰকুছিৰ কালি দাস ওৰফে এলাই মিনি নামৰ যুৱক গৰাকীয়ে।যুৱক গৰাকীয়ে কিশোৰী গৰাকীক ফুচলাই গাঁও খনৰ মূৰত থকা এটা পুখুৰীৰ পাৰত যৌন নিৰ্যাতন চলাই।
পিছত যুৱতী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে গান্ধীবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
গান্ধীবাৰী আৰক্ষীয়ে কালি দাস দাস ওৰফে এলাই মিনিক আটক কৰি তামুলপুৰ আৰক্ষী থানাৰ 2/25 US/ 64(2)(K) BNS R/W sec 6 poc এক গোচৰ ৰুজু কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে।