অস্কাৰ বিজয়ী সংগীত শিল্পী এ আৰ ৰহমানৰ পত্নী ছাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে । এই সন্দৰ্ভত দুয়োৰে অধিবক্তাই ৰাজহুৱা বিবৃতিও প্ৰকাশ কৰিছে, য’ত তেওঁলোকে পৃথক হোৱাৰ কথা প্ৰকাশ কৰিছে । প্ৰায় তিনিটা দশক একেলগে থাকি বিচ্ছেদ ঘটিছে এ আৰ ৰহমান আৰু ছাইৰা বানুৰ । উল্লেখ্য যে এ আৰ ৰহমানক সৰ্বাধিক উপাৰ্জন কৰা সংগীতজ্ঞসকলৰ ভিতৰত গণ্য কৰা হয় আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৭০০ কোটিতকৈও অধিক ।
১৯৯৫ চনত দুয়োৰে বিবাহ হয়-
এ আৰ ৰহমান আৰু ছাইৰাৰ বিবাহ ১৯৯৫ চনত হৈছিল আৰু এতিয়া ২৯ বছৰৰ পাছত দুয়োৰে বিবাহ বিচ্ছেদ হৈছে । দুয়োৰে তিনিটাকৈ সন্তান আছে । ৰাজহুৱা বিবৃতি অনুসৰি দুয়োজনে ভালদৰে বিবেচনা কৰি এই বিচ্ছেদৰ সিদ্ধান্ত লৈছে । ছাইৰাৰ উদ্ধৃতিৰে কোৱা হৈছে যে এই সম্পৰ্কত তেওঁ বহু কষ্টৰ মাজেৰে পাৰ হৈছিল, যিটো তেওঁৰ বাবে চম্ভালিবলৈ অতি কঠিন হৈ পৰিছে । সেয়েহে তেওঁ ইয়াক ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে ।
এ আৰ ৰহমানৰ সম্পত্তি ১৭০০ কোটি!
বলীউড চিনেমা স্লামডগ মিলিয়নেয়াৰৰ বাবে অস্কাৰ বঁটা লাভ কৰা এ আৰ ৰহমানক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞ হিচাপে গণ্য কৰা হয় । সংগীত জগতত খ্যাতি অৰ্জন কৰাৰ উপৰিও উপাৰ্জনৰ ক্ষেত্ৰতো আগবাঢ়ি আছে এ আৰ ৰহমান । তেওঁৰ নেট ৱৰ্থ বা মুঠ সম্পত্তি চাই এই কথা সহজেই অনুমান কৰিব পাৰি । লাইফষ্টাইল এছিয়াৰ এক প্ৰতিবেদন অনুসৰি এ আৰ ৰহমানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ৰ পৰা ২৪০ কোটি ডলাৰ বা প্ৰায় ১৭০০ কোটি টকা ।
এখন চিনেমাৰ বাবে কিমান পাৰিশ্ৰমিক লয়-
খবৰ অনুসৰি এ আৰ ৰহমানে যেতিয়া নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ প্ৰথমখন ছবি ৰোজাৰ সংগীত ৰচনাৰ বাবে ২৫ হাজাৰ টকা পাইছিল । আজি তেওঁ দেশৰ সৰ্ববৃহৎ সংগীতজ্ঞ হিচাপে নিজৰ স্থান দখল কৰিছে । এতিয়া এ আৰ ৰহমানে এখন ছবিৰ সংগীতৰ বাবে প্ৰায় ৮-১০ কোটি টকা লয় ।
ইয়াৰ বাহিৰেও এটা গীত ৰচনা কৰিবলৈ প্ৰায় ৩ কোটি টকা লয় তেওঁ । আনহাতে মাত্ৰ এঘণ্টাৰ লাইভ প্ৰদৰ্শনৰ বাবে তেওঁৰ মাচুল প্ৰায় ১-২ কোটি টকা । ৰহমানৰ নেট ৱৰ্থৰ এটা ডাঙৰ অংশ সংগীত ৰচনাৰ পৰা পোৱা আয়ৰ পৰাই আহে ।
বিদেশত ঘৰ, দামী গাড়ীৰ সংগ্ৰহ-
খবৰ অনুসৰি তেওঁৰ ঘৰ কেৱল ভাৰততে নহয় বিদেশতো আছে । চেন্নাইৰ বাংলোৰ উপৰিও তেওঁৰ লছ এঞ্জেলছ, আমেৰিকা আৰু ডুবাইতো ঘৰ আছে । এ আৰ ৰহমান ৰ’লছ ৰয়েচ চেডান গোষ্ট কাৰ, বি এম ডব্লিউ ৭ ছিৰিজ, অ’ডি কিউ৭, মাৰ্চিডিজ বেঞ্জ এছ ক্লাছ, ৰেঞ্জাৰ অভাৰৰ দৰে বিলাসী গাড়ীৰ গৰাকী ।
মনোৰঞ্জন উদ্যোগৰ ব্যয়বহুল বিবাহ বিচ্ছেদ-
অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, গ্ৰেমী বঁটা আৰু পদ্ম ভূষণেৰে সন্মানিত কৰা হৈছে । সংগীত ৰচনাৰ উপৰিও সংগীত অনুষ্ঠান, বিজ্ঞাপন আদি মাধ্যমৰ পৰাও ৰহমানে বহু উপাৰ্জন কৰে । ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ লগতে তেওঁলোকৰ বিবাহ বিচ্ছেদ মনোৰঞ্জন জগতত এতিয়ালৈকে হোৱা অন্যতম ব্যয়বহুল বিবাহ বিচ্ছেদ হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।