প্ৰতিজন কৰ্মৰত ব্যক্তিয়ে তেওঁলোকৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব বিচাৰে আৰু যিমান সম্ভৱ সোনকালে পদোন্নতি লাভ কৰিব বিচাৰে । অৱশ্যে, কেৱল কঠোৰ পৰিশ্ৰম কৰাই যথেষ্ট নহয়; চতুৰতাৰে কাম কৰা আৰু বছক প্ৰভাৱিত কৰাটোও এই ক্ষেত্ৰত সমানে গুৰুত্বপূৰ্ণ । যদি আপুনি দীৰ্ঘদিন ধৰি পদোন্নতিৰ বাবে অপেক্ষা কৰি আছে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম স্বত্বেও, কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা নাই, আপুনি আপোনাৰ ৰণনীতিত কিছু সালসলনি কৰিব লাগিব । সঠিক মনোভাৱ, পেছাদাৰী আচৰণ আৰু কিছুমান নিৰ্দিষ্ট সূত্ৰ গ্ৰহণ কৰি, আপুনি আপোনাৰ বছৰ বিশ্বাস জিকিব পাৰে আৰু আপোনাৰ পদোন্নতিৰ পথ সহজ কৰিব পাৰে ।
প্ৰমোচন বা পদোন্নতি পাবলৈ কেৱল প্ৰতিভাই নহয় নিজৰ সামৰ্থ্যক সঠিকভাৱে উপস্থাপন কৰাটোও গুৰুত্বপূৰ্ণ । আপোনাৰ কৰ্ম দক্ষতা, দললৈ আপোনাৰ অৱদান আৰু বছৰ সৈতে আপোনাৰ সমন্বয় – এই সকলোবোৰ কথাই পদোন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । গতিকে যদি আপুনিও আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক পুৰস্কাৰ বিচাৰে, তেন্তে সেই ৭টা গোপন সূত্ৰ জানি লওক, যিয়ে আপোনাক আপোনাৰ বছৰ প্ৰিয় কৰি তুলিব আৰু প্ৰমোচনৰ দৌৰত আপোনাক আগস্থানলৈ লৈ যাব !
১/ সময়মতে কাম সম্পূৰ্ণ কৰি সময়সীমা পালন কৰক-
যিকোনো বছে সময়মতে কাম সম্পূৰ্ণ কৰা কৰ্মচাৰীক ভাল পায় । যদি আপুনি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আপোনাৰ কাম গুণগত মানৰ সৈতে সম্পূৰ্ণ কৰে, তেন্তে ই আপোনাৰ বছৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব । নিজৰ কামত সদায় সততা আৰু সময়োপযোগীতা বজাই ৰাখক ।
২/ নতুন নতুন দক্ষতা শিকক আৰু নিজকে আপডেট কৰি ৰাখক-
বৰ্তমান সময়ত প্ৰযুক্তি আৰু উদ্যোগ অহৰহ পৰিৱৰ্তিত হৈ আছে । এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ দক্ষতাক আপডেট কৰি ৰাখে তেন্তে বছে অনুভৱ কৰিব যে আপুনি কোম্পানীটোৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ । নতুন নতুন কথা শিকক, যেনে ডিজিটেল মাৰ্কেটিং, ডাটা এনালাইটিক্স, নেতৃত্বৰ দক্ষতা ইত্যাদি ।
৩/ সক্ৰিয় হওক আৰু উদ্যোগ লওক-
যদি আপুনি বিচাৰে যে আপোনাৰ বছে আপোনাক বিশ্বাস কৰক, তেন্তে কেৱল আপোনাক দিয়া কামৰ মাজতে নিজকে সীমাবদ্ধ নাৰাখিব । কাৰ্যালয়ত নতুন ধাৰণা দিয়ক, প্ৰকল্পত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক আৰু সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক । সক্ৰিয় কৰ্মচাৰীসকল সদায় বছৰ দৃষ্টিত থাকে ।
৪/ যোগাযোগৰ দক্ষতা বৃদ্ধি কৰা-
ভাল যোগাযোগ দক্ষতা এক ডাঙৰ শক্তি । আপোনাৰ ধাৰণাসমূহ স্পষ্ট আৰু আত্মবিশ্বাসেৰে উল্লেখ কৰক । বছৰ লগত ব্যক্তিগতভাৱে কথা পাতক আৰু দলৰ সৈতে সমন্বয়ত কাম কৰক । ইয়াৰ ফলত আপোনাৰ নেতৃত্বৰ গুণো বৃদ্ধি পায় ।
৫/ দলীয় খেলুৱৈ হোৱা-
বছসকলে এনে মানুহক ভাল পায় যিয়ে একেলগে এটা দল হিচাপে কাম কৰিব পাৰে । সহযোগিতামূলক মনোভাৱ গ্ৰহণ কৰক, সহকৰ্মীসকলক সহায় কৰক আৰু দলৰ সফলতাত অৰিহণা যোগাওক । ইয়াৰ ফলত আপোনাৰ দায়িত্বশীল কৰ্মচাৰী হিচাপে ভাবমূৰ্তি সৃষ্টি হ’ব ।
৬/ মতামত ইতিবাচকভাৱে লওক-
যদি আপোনাৰ বছে আপোনাক মতামত দিয়ে তেন্তে সমালোচনা বুলি নাভাবিব । এইটোক এটা সুযোগ হিচাপে লৈ শিকক আৰু আপোনাৰ কামৰ উন্নতি কৰক । যেতিয়া আপুনি আপোনাৰ ভুলৰ পৰা শিকি আগবাঢ়ি যায় তেতিয়া ই বছক আপ্লুত কৰে ।
৭/ ভদ্ৰতা আৰু পেছাদাৰী আচৰণ বজাই ৰাখিব লাগে-
বছৰ লগত কথা পাতি থাকোঁতে ভদ্ৰ হওক । যিমানেই মানসিক চাপৰ সৃষ্টি নহওক কিয়, প্ৰতিটো পৰিস্থিতিতে পেছাদাৰী হৈ থাকক । আপোনাৰ ইতিবাচক মনোভাৱ আৰু ভদ্ৰ আচৰণে আপোনাক আপোনাৰ বছৰ প্ৰিয় কৰি তুলিব পাৰে ।
উল্লেখ্য যে প্ৰমোচন পোৱাটো সহজ নহয়, কিন্তু এই ৭টা গোপন সূত্ৰ মানি চলিলে আপোনাৰ বছৰ হৃদয় জয় কৰিবলৈ বেছি সময় নালাগিব । স্মাৰ্ট কাম, সক্ৰিয় দৃষ্টিভংগী আৰু ইতিবাচক মনোভাৱে আপোনাক আপোনাৰ কেৰিয়াৰৰ উচ্চতালৈ লৈ যাব পাৰে ।