পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা । তাৰ মাজতে এতিয়া সকলোৰে দৃষ্টি কেৰালাৰ ৱায়ানাড লোকসভা আসনৰ ওপৰত আছে।
নিৰ্বাচনী ৰাজনীতিত আত্মপ্ৰকাশ কৰা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ ভাতৃ ৰাহুল গান্ধীৰ স্থানত প্ৰতিদ্বন্দিতা কৰিছে।
প্ৰিয়ংকা গান্ধীয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ প্ৰবীণ সত্যন মোকেৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) প্ৰাৰ্থী নব্যা হৰিদাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে।
ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পিছত ৱায়ানাড আসনখন খালী হৈ পৰিছিল। গান্ধীয়ে এই বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৱায়ানাড খালী কৰিছিল।
বৰ্তমান ১.২ লাখ ভোটৰ বৃহৎ ব্যৱধানত আগবাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী। সমষ্টিটোত দ্বিতীয় স্থানত আছে কমিউনিষ্টদলৰ প্ৰাৰ্থী গৰাকী। আনহাতে তৃতীয়স্থানত আছে বিজেপিৰ নব্যা হৰিদাস।