ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়াৰ কাজান চহৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানক সাক্ষাৎ কৰে । ব্ৰিকছ সন্মিলনৰ আঁৰত এখন বৈঠকত দুয়োজন নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে । এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াত শান্তি পুনৰুদ্ধাৰ কৰাত গুৰুত্ব আৰোপ কৰে । লগতে ইৰাণ আৰু ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা হ্ৰাস কৰাত ভাৰতৰ ভূমিকা সম্পৰ্কেও আলোচনা কৰে । ইয়াৰ উপৰিও দুয়োগৰাকী নেতাই চাবাহাৰ বন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰ (আই এন এছ টি চি)কে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ উপায়ৰ বিষয়েও আলোচনা কৰে ।
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে জুলাই মাহত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম সাক্ষাৎ । তেওঁ কয় যে দুয়োগৰাকী নেতাৰ মাজত এক ফলপ্ৰসূ আলোচনা হয় । দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়েও আলোচনা কৰে । ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু ক্ষতি প্ৰতিৰোধৰ বাবে ভাৰতৰ আহ্বান পুনৰবাৰ উল্লেখ কৰে । তেওঁ উত্তেজনা দূৰ কৰিবলৈ আলোচনা আৰু কূটনীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
বৈদেশিক সচিবগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতি পেজেছকিয়ানে পশ্চিম এছিয়াত শান্তি আৰু সম্প্ৰীতিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ কয় যে সকলো পক্ষৰ সৈতে থকা সুসম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই সংঘাত হ্ৰাস কৰাত ভূমিকা ল’ব পাৰে । শেহতীয়া বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পেজেচকিয়ানক অভিনন্দন জনায় । ইয়াৰ উপৰিও ইৰাণৰ সৈতে যুগ যুগ ধৰি চলি অহা দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতা প্ৰকাশ কৰে ।
মিশ্ৰীয়ে কয় যে দুয়োগৰাকী নেতাই তেওঁলোকৰ ভাগ-বতৰা ঐতিহাসিক আৰু সভ্যতাৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে । ইয়াত চাবাহাৰ বন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (আই এন এছ টি চি)ত সহযোগিতা সম্পৰ্কে আলোচনা কৰা হয় । যিটো সংযোগ আৰু অৰ্থনৈতিক অংশীদাৰিত্ব বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ ।