ইজৰাইল আৰু হামাছৰ যুদ্ধৰ এবছৰ সম্পূৰ্ণ হ’ল।এবছৰীয়া এই যুদ্ধত সকলোতে যুদ্ধই বিধ্বংসী ৰূপ ধাৰণ কৰিছে।এই যুদ্ধ আৰম্ভ হৈছিল গাজা ষ্ট্ৰিপ, ইৰাণ, লেবানন, ছিৰিয়া আৰু য়েমেনত। এনে পৰিস্থিতিত এবছৰীয়া যুদ্ধত কাৰ কিমান লোকচান হৈছে?
হামাছে গাজা ষ্ট্ৰিপৰ মাজেৰে ইজৰাইলত প্ৰৱেশ কৰি হত্যাকাণ্ড সংঘটিত কৰি ১,২০০জন লোকক হত্যা কৰাৰ লগতে প্ৰায় ২৫০জন লোকক পণবন্দী কৰি ৰখাৰ ঘটনাৰ এবছৰ হ’ল।এই ঘটনা ৭ অক্টোবৰ, ২০২৩ত সংঘটিত হৈছিল।ইয়াৰ প্ৰত্যুত্তৰ দি ইজৰাইলে যুদ্ধ ঘোষণা কৰি কৈছিল যে, ‘হামাছ ধ্বংস নোহোৱালৈকে এই যুদ্ধ চলি থাকিব’।ইজৰাইল আৰু হামাছৰ এই যুদ্ধত এতিয়ালৈকে ৪২ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। এই যুদ্ধত হামাছৰ হাজাৰ হাজাৰ যোদ্ধা নিহত হৈছিল।এবছৰীয়া এই যুদ্ধ কেৱল গাজাত সীমাবদ্ধ নাছিল। ইয়াৰ প্ৰভাৱ ইৰান, লেবানন, য়েমেন, ইৰাক আৰু ছিৰিয়াতো পৰিছিল
ইৰাণে সম্পূৰ্ণ বছৰটোত দুবাৰকৈ ইজৰাইলক মিছাইলেৰে আক্ৰমণ কৰিছে।ইজৰাইলে এবছৰত গাজা ষ্ট্ৰিপত হামাছৰ ৪০ হাজাৰতকৈ অধিক স্থানত বোমা বিস্ফোৰণ ঘটাইছে।একে সময়তে হামাছে ৪,৭০০টা সুৰংগ আৰু ১০০০টা ৰকেট নিক্ষেপ কৰে।যুদ্ধ আৰম্ভ হোৱাৰ সময়ৰ পৰা বৰ্তমানলৈ গাজাৰ পৰা ইজৰাইললৈ ১৩,২০০ ৰকেট নিক্ষেপ।গাজাৰ বাহিৰেও লেবাননৰ পৰা ১২,৪০০ ৰকেট, ইৰাণৰ পৰা ৪০০, য়েমেনৰ পৰা ১৮০ আৰু ছিৰিয়াৰ পৰা ৬০টা ৰকেট নিক্ষেপ কৰে।৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধত এবছৰত গাজা ষ্ট্ৰিপত ৪২ হাজাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে।যোৱা বছৰৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত প্ৰৱেশ কৰি ১,২০০জন সাধাৰণ নাগৰিকক হত্যা কৰিছিল।২৫০জন লোককো পণবন্দী কৰি লোৱা হয়।এতিয়াও হামাছৰ জিম্মাত আছে ১০০ৰো লোক অধিক পণবন্দী হৈ আছে।
ইজৰাইলৰ মতে,
‘লেবাননত ৮০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে।লেবাননত ৬ হাজাৰৰো অধিক স্থল লক্ষ্য ধ্বংস কৰা হৈছে।এবছৰত ইজৰাইলে পশ্চিম পাৰ আৰু জৰ্ডান উপত্যকাৰ ৫হাজাৰৰো অধিক সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে।এই যুদ্ধত এতিয়ালৈকে ৭২৬ জন সৈনিকৰ মৃত্যু হৈছে।যোৱা ৭ অক্টোবৰত ৩৮০জন জোৱান নিহত হোৱাৰ বিপৰীতে তাৰ পিছত গাজাত যুদ্ধত ৩৪৬জন জোৱানৰ মৃত্যু হয়।ইয়াৰ উপৰিও ৪,৭৫৬জন ইজৰাইল জোৱান আহত হৈছে।এবছৰত ৩ লাখৰো অধিক জোৱানক নিযুক্তি দিয়া হৈছে ইজৰাইলত।