হামাছৰ নেতা ইয়াহ্যা সিনৱাৰক দক্ষিণ গাজাত সংঘটিত হোৱা গুলীচালনাত মৃত্যু হয়। এবছৰ ধৰি চলি থকা যুদ্ধত ইজৰাইলে সংঘটিত কৰা এনে ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ইজৰাইলে হামাছৰ মুৰব্বী ইয়াহ্যা সিনৱাৰক হত্যা কৰাৰ পিছতেই বৰ্তমান সময়ত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা।
ইজৰাইলী সেনাই বছৰজোৰা অভিযানৰ অন্তত IDF-এ হামাছৰ নেতা ইয়াহ্যা সিনৱাৰক হত্যা কৰে। যোৱা বছৰত IDF আৰু ISA-এ গাজাত আক্ৰমণ কৰি সিনৱাৰৰ ইজৰাইল আক্ৰমণত মোহৰ মাৰিলে। ইজৰাইলী সৈনিকৰ চকুত ধূলি দি ইয়াহ্যা সিনৱাৰে পলায়ন কৰি ৰাফাহ চহৰত আত্মগোপন কৰে। ইজৰাইলী সেনাই অভিযান চলাই ৰাফাহ চহৰত দুজন সৈনিকৰ সৈতে ইয়াহ্যা সিনৱাৰক প্ৰত্যক্ষ কৰাৰ পিছতেই হামাছৰ মুৰব্বীক হত্যা কৰে । ইজৰাইলে ড্ৰোণৰ সহায়ত সিনৱাৰে আত্মগোপন কৰি থকা অট্টালিকাত দেখা পাই তেঁওক হত্যা কৰে ।
ইজৰাইলী সেনাই আক্ৰমণ কৰা অভিযানস্থলীত কোনো পণবন্দী নাছিল বুলি তথ্য প্ৰকাশ কৰিছে। ইজৰাইলক আক্ৰমণ কৰাত সিনৱাৰৰ ভূমিকা অধিক আছিল। হামাছৰ সামৰিক প্ৰধান মহম্মদ ডেইফৰ সৈতেও ইজৰাইল আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল সিনৱাৰ। ২০২৪ চনৰ আৰম্ভণীতে ডেইফক হত্যা কৰিছিল। ৩১ জুলাইত ইৰানত নিহত হোৱা হামাছৰ প্ৰাক্তন মুৰব্বী ইছমাইল হানিয়েহকো হত্যা কৰিলে ইজৰাইলী সৈন্যই ।
যোৱা বছৰত হামাছৰ আক্ৰমণত ইজৰাইলৰ ১২০৬জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। ইজৰাইল-হামাছৰ যুদ্ধই ভয়ংকৰ ৰূপ লৈছে বিশ্বত। যুদ্ধত আমেৰিকা আৰু ৰাছিয়াই সংলগ্ন হোৱাৰ পিছতেই এই যুদ্ধই সমগ্ৰ বিশ্বজুৰি ভয়াৱহ পৰিস্থিতিৰ ৰূপ লয়।