আয়ুৰ্বেদৰ ইতিহাস প্ৰায় ৫০০০ বছৰ পুৰণি । এই শব্দটোৰ অৰ্থ হৈছে ‘জীৱনৰ বিজ্ঞান’, যি কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবেই নহয় মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ প্ৰতিও উৎসৰ্গিত । ধনতেৰাছৰ দিনা প্ৰতি বছৰে আয়ুৰ্বেদ দিৱস পালন কৰা হয় । আয়ুৰ্বেদত কেৱল ৰোগৰ চিকিৎসাই নহয়, ৰোগৰ মূল কাৰণসমূহ চিনাক্ত কৰি আঁতৰাবলৈও প্ৰচেষ্টা চলোৱা হয় । ইয়াৰ ভিতৰত ঔষধৰ ব্যৱহাৰ, খাদ্যাভ্যাস, যোগাসন আৰু একাগ্ৰতা আদি কথাও অন্তৰ্ভুক্ত আছে । আয়ুৰ্বেদ প্ৰধান তিনিটা দোষৰ নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে: বাত, পিত্ত আৰু কফ । ই শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰে ।
প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত ধনতেৰছ উৎসৱ পালন কৰা হয় । এইবাৰ ২৯ অক্টোবৰ অৰ্থাৎ আজি এই উৎসৱ পালন কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস । কিন্তু প্ৰতি বছৰে এই দিনটোত আয়ুৰ্বেদ দিৱস পালন কৰাৰ আঁৰৰ কাৰণ কি ?
ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস-
ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে এই দিনটো হিন্দু চিকিৎসাৰ দেৱতা ধন্বন্তৰীৰ জন্মদিন হিচাপে পালন কৰাৰ বাবে প্ৰতি বছৰে ধনেৰাছত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হয় । বিশ্বাস অনুসৰি ভগৱান ধন্বন্তৰীক আয়ুৰ্বেদৰ দেৱতা বুলি কোৱা হয় ।
ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ ইতিহাস-
২০১৬ চনত ভাৰত চৰকাৰে ধন্বন্তৰী জয়ন্তীক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল । ২০১৬ চনৰ ২৮ অক্টোবৰত প্ৰথম আয়ুৰ্বেদ দিৱস পালন কৰা হয় । তেতিয়াৰ পৰাই প্ৰতি বছৰে ভগৱান ধন্বন্তৰী জয়ন্তী আৰু ধনতেৰছত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰি অহা হৈছে ।
এইবাৰৰ থিম/বিষয়বস্তু
আজি অৰ্থাৎ ২৯ অক্টোবৰ তাৰিখে নৱম আয়ুৰ্বেদ দিৱস পালন কৰা হৈছে । প্ৰতি বছৰে ইয়াক এক বেলেগ বিষয়বস্তুৰে উদযাপন কৰা হয় । এইবাৰ বিশ্ব স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ উদ্ভাৱনৰ ওপৰত আধাৰিত বিষয়বস্তুৰ ওপৰত উদযাপন কৰা হৈছে । এই উপলক্ষে বহু ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় যেনে মহাবিদ্যালয়, চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে আয়ুৰ্বেদৰ প্ৰচাৰ ।