দেৱী বন্দনাৰে মুখৰিত ৰাজ্য প্ৰতিটো প্ৰান্ত । ষষ্ঠীৰ দিনা বৈদিক ৰীতি-নীতিৰে দুৰ্গতিনাশিনীক বেদীত স্থাপন কৰাৰ লগে লগে পূজাৰ আনন্দত উখল-মাখল হৈ পৰিছে ৰাজ্যৰ চৌদিশ ।
আজি সপ্তমী । বৈদিক নীতিৰে দেৱী দুৰ্গাৰ নৱ পত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমাদী কাল আৰম্ভ হ’ব । মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হব সপ্তমীৰ পূজা আৰু চণ্ডী পাঠ ।
ইফালে আকৰ্ষণীয়কৈ সজাই তোলা পূজা মণ্ডপসমূহত দেৱী দুৰ্গাৰ আশীষ লবলৈ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । ঢাক-ঢোলৰ শব্দত মুখৰিত হৈছে প্ৰতিটো পূজা মণ্ডপ । ৰং-বিৰঙী আলোকসজ্জাৰে উজলিছে পূজা মণ্ডপসমূহ । ন ন বিষয়বস্তুৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে পূজা কমিটিসমূহে ।
আনহাতে প্ৰান্তে প্ৰান্তে যান-বাহন চলাচলৰ ক্ষেত্ৰটো প্ৰশাসনে জাৰী কৰিছে কেতবোৰ নিয়মাৱলী ।