আজিৰে পৰা দিল্লীত আৰম্ভ হ’ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ । মাত্ৰ এদিন পূৰ্বে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত ৰেখা গুপ্তা নেত্ৰী নিৰ্বাচিত হৈছিল । দিল্লীৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ছয় মন্ত্ৰীয়েও পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব । মন্ত্রীসকলৰ নামো প্রকাশ কৰা হৈছে ৷ মন্ত্রীসকলৰ তালিকাত মুখ্যমন্ত্রীৰ প্রতিদ্বন্দ্বিতাত অংশগ্রহণ কৰা প্রৱেশ বার্মা আৰু আশীষ সুদৰ লগতে মঞ্জিন্দৰ সিং ছিৰছা, কপিল মিশ্র, পংকজ সিং আৰু ৰবীন্দ্র ৰাজৰ নাম সন্নিবিষ্ট কৰা হৈছে ৷
দিল্লী চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবল গা ৬ জনৰ তালিকাত প্ৰথম নাম প্ৰবেশ বাৰ্মা । দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ প্ৰবেশ বাৰ্মা নিৰ্বাচনত দিল্লী বিধানসভাত বিজেপিৰ অন্যতম ডাঙৰ মুখ । নতুন দিল্লী বিধানসভাৰ আসনৰ পৰা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা মুখ্যমন্ত্ৰী প্ৰাৰ্থী অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি তেওঁ বিধানসভাত উপস্থিত হয় । অৰবিন্দ কেজৰিৱালক পৰাজিত কৰি বিধানসভাত উপস্থিত হোৱাৰ পিছত প্ৰবেশক মুখ্যমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছিল । এতিয়া ৰেখা গুপ্তাৰ মন্ত্ৰীসভাত তেওঁ মন্ত্ৰী হ’বলৈ গৈ আছে ।