ভাৰতীয় ক্ৰিকেট দলৰ বাংলাদেশ ভ্ৰমণৰ সূচী ঘোষণা কৰা হৈছে । এই ভ্ৰমণ চলিত বৰ্ষৰ আগষ্ট মাহত অনুষ্ঠিত হ’ব । য’ত মুঠ ৬ খন খেল অনুষ্ঠিত হ’ব । প্ৰথমে এদিনীয়া শৃংখলাৰ অনুষ্ঠিত হ’ব, তাৰ পিছত হ’ টি-২০ মেচ শৃংখলা ।
১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলা । ইয়াৰ পিছত ২০ আগষ্ট আৰু ২৩ আগষ্টত শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় এদিনীয়া মেচ অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ২৬ আগষ্ট, ২৯ আগষ্ট আৰু শেষত ৩১ আগষ্টত টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ’ব । এই দ্বিপাক্ষিক ছিৰিজে দক্ষিণ এছিয়াৰ দুয়োখন চুবুৰীয়া দেশৰ মাজত ক্ৰিকেট খেলৰ ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিদ্বন্দ্বিতাক আৰু অধিক শক্তিশালী কৰিব ।
ভাৰতৰ ইংলেণ্ডৰ টেষ্ট ভ্ৰমণ আৰু ঘৰুৱা ছিজনৰ মাজত অনুষ্ঠিত হ’ব এই ভ্ৰমণ । জুন, জুলাই আৰু আগষ্ট মাহত ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া খেলৰ শৃংখলা খেলিব ভাৰতে । এই শৃংখলাৰ অন্ত পৰিব ৪ আগষ্টত ।
ভাৰতৰ ঘৰুৱা ছিজন অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব, য’ত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা দলে ভাৰত ভ্ৰমণ কৰিব । ২ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ জৰিয়তে ভাৰতৰ ঘৰুৱা ছিজন আৰম্ভ হ’ব, তাৰ পাছত নৱেম্বৰ-ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ অনুষ্ঠিত হ’ব ।
ঘৰুৱা দুখন শৃংখলাৰ মাজত অষ্ট্ৰেলিয়াত তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব ভাৰতে । ক্ৰিকেট অষ্ট্ৰেলিয়াই চলিত মাহৰ আৰম্ভণিতে এই শৃংখলাৰ সূচী ঘোষণা কৰিছিল, ১৯ অক্টোবৰৰ পৰা এদিনীয়া আৰু ২৯ অক্টোবৰৰ পৰা টি-২০ মেচ আৰম্ভ হ’ব ।
ভাৰত আৰু বাংলাদেশ ছিৰিজ ২০২৫-
ভাৰত বনাম বাংলাদেশ এদিনীয়া শৃংখলাৰ সূচী-
১ম এদিনীয়া – ১৭ আগষ্ট, দেওবাৰ – মিৰপুৰ
২য় এদিনীয়া – ২০ আগষ্ট, বুধবাৰ – মিৰপুৰ
৩য় এদিনীয়া – ২৩ আগষ্ট, শনিবাৰ – চিটাগং
ভাৰত বনাম বাংলাদেশ টি-২০ ছিৰিজৰ সূচী-
১ম টি২০ – ২৬ আগষ্ট, মঙলবাৰ – চট্টগ্ৰাম
২য় টি২০ – ২৯ আগষ্ট, শুকুৰবাৰ – মিৰপুৰ
৩য় টি২০ – ৩১ আগষ্ট, দেওবাৰ – মিৰপুৰ