পুনে টেষ্টৰ প্ৰথম ইনিংছত ২৫৯ ৰান সংগ্ৰহ কৰি অল আউট হৈছে নিউজীলেণ্ড । ভাৰতৰ হৈ বিধ্বংসী বলিং আক্ৰমণ কৰে ৱাশ্বিংটন সুন্দৰে । ৱাশ্বিংটন সুন্দৰে ২৩.১ অভাৰত ৫৯ ৰান ব্যয় কৰি ৭ টা উইকেট দখল কৰে । ধৈৰ্য সহকাৰে ইনিংছ মুকলি কৰা কিৱি দলে ডাঙৰ স্ক’ৰ সংগ্ৰহ কৰাৰ দিশে আগবাঢ়িছিল যদিও ৱাশ্বিংটন সুন্দৰৰ বিধ্বংসী বলিং আক্ৰমণত ২৫৯ ৰাণতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয় নিউজীলেণ্ড ।
টছত জয়লাভ কৰাৰ পিছত নিউজীলেণ্ডৰ দলটোৱে ভাল আৰম্ভণি কৰে । কিৱি দলটোৱে এটা সময়ত ৩২ ৰান সংগ্ৰহ কৰিছিল, এই স্ক’ৰত ভাৰতে প্ৰথম সফলতা লাভ কৰে । য’ত মেচখনত প্ৰথম অভাৰ বলিং কৰিবলৈ অহা ৰবিচন্দ্ৰন অশ্বিনে কিৱিৰ অধিনায়ক টম লাথাম (১৫)ক আৱদ্ধ কৰি ৰাখে আৰু তেওঁ এল বি ডব্লিউ আউট হয় ।
নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়টো আঘাত উইল ইয়ং (১৮)ৰ ৰূপত পৰে । অশ্বিনৰ বলত উইকেটকীপাৰ পন্তৰ হাতত উইকেট বিসৰ্জন দিয়ে ইয়ঙে । ইয়াৰ পিছত ৰাচিন ৰবিন্দ্ৰ (৬৫) আৰু ডেভন কনৱে (৭৬) স্ক’ৰকাৰ্ড ১৩৮ লৈ বৃদ্ধি কৰে । আনকি ৰাচিন আৰু কনৱেই ডাঙৰ স্ক’ৰ সংগ্ৰহ কৰিব যেন লাগিছিল যদিও অশ্বিনে পুনৰবাৰ ভাৰতৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ ভাৰতৰ হৈ তৃতীয়টো উইকেট লাভ কৰে ।
বেংগালুৰু টেষ্টৰ প্লেয়াৰ অৱ দ্য মেচ ৰাচিন ৰবীন্দ্ৰই পুনেতো ফৰ্মত আছিল । তেওঁ শতক অৰ্জন কৰিব যেন লাগিছিল যদিও ৱাশ্বিংটন সুন্দৰৰ বলত ৬৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । দলীয় ১৯৭ ৰানত আউট হয় ৰাচিন । ইয়াৰ পাছত নিউজীলেণ্ড দলৰ একাউণ্টত আৰু ৪ ৰান সংযোজন হয় আৰু উইকেটকীপাৰ বেটছমেন টম ব্লুণ্ডেলে ৩ ৰান সংগ্ৰহ কৰি ক্লিন বল্ড হয় ।
তাৰ পাছত সুন্দৰে ডেৰিল মিচেল (১৮) এল বি ডব্লিউক আউট কৰি নিউজীলেণ্ডক ষষ্ঠটো আঘাত দিয়ে । গ্লেন ফিলিপছে বিশেষ একো কৰিব নোৱাৰিলে আৰু তেওঁকো সুন্দৰে পেভিলিয়নৰ বাট দেখুৱাই । ফিলিপছ আউট হোৱাৰ সময়ত নিউজীলেণ্ডৰ স্ক’ৰ আছিল ২৩৬/৭ ৰান ।
ইয়াৰ পিছতে সুন্দৰে কিৱি দলৰ বেটিং লাইনআপত খহনীয়াৰ সৃষ্টি কৰি টিম চাউথী (৫), এজাজ পেটেল (৪) আৰু মিচেল ছেণ্টনাৰ (৩৩)ক আউট কৰি নিউজীলেণ্ডক ইনিংছ সামৰিবলৈ বাধ্য কৰে । সুন্দৰে ৫৯ ৰানত ৭ টা উইকেট দখল কৰে । প্ৰথমবাৰৰ বাবে সুন্দৰে এটা টেষ্ট ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰিছে । আৰ অশ্বিনে লাভ কৰে তিনিটা উইকেট ।